/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nnnnn.jpg)
ডিজিটেল ডেস্ক: সম্প্ৰসাৰণ কৰিছে মমতা বেনাৰ্জীয়ে মন্ত্ৰী সভা। বহু কোটি টকা নগদ ধন সহ গ্ৰেপ্তাৰ কৰা হৈছিল বেনাৰ্জী মন্ত্ৰী সভাৰ ক্ষমতাশালী মন্ত্ৰী পাৰ্থ চেতাৰ্জীক।
ইডিয়ে শিক্ষক কেলেংকাৰীৰে জড়িতৰ অভিযোগত চেতাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে তেওঁক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তৃণমূল কংগ্ৰেছৰ মহাসচিব পদৰ পৰাও অপসাৰিত কৰিছিল।
এনে অস্বস্তিকৰ পৰিৱেশৰ মাজতেই মমতা বেনাৰ্জীয়ে তেওঁ মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰে। ৫ জন নতুন মন্ত্ৰীয়ে শপত লয় বুধবাৰে আৱেলি। সেই নতুন মন্ত্ৰী সকলৰ ভিতৰত উল্লেখযোগ্য হ'ল যোৱা বছৰ বিজেপি ত্যাগ কৰি তৃণমূলত যোগদান কৰা মোডী চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল ছুপ্ৰিঅ।
আন ৪ জন নতুন মন্ত্ৰী ক্ৰমে- স্নেহাশিষ চক্ৰৱৰ্তী, পাৰ্থ ভোমিক, উদয়ন গুপ্তা আৰু প্ৰদীপ মজুমদাৰ। তেওঁলোকক এতিয়ালৈকে কোনো দপ্তৰ দিয়া নাই যদিও অচিৰেই দপ্তৰ সমূহ প্ৰদান কৰা হ'ব।
আৰু পঢ়ক: নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয় চীল কৰিলে ইডিয়ে…