কংগ্ৰেছৰ বাবেই প্ৰধানমন্ত্ৰী হৈ আছে নৰেন্দ্ৰ মোডী !

নৰেন্দ্ৰ মোডী কিয় হ'ল দেশৰ প্ৰধানমন্ত্ৰী? কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দিলে ইয়াৰ উত্তৰ।
কংগ্ৰেছৰ বাবেই প্ৰধানমন্ত্ৰী হৈ আছে নৰেন্দ্ৰ মোডী !
কংগ্ৰেছৰ বাবেই প্ৰধানমন্ত্ৰী হৈ আছে নৰেন্দ্ৰ মোডী !

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডী কিয় হ'ল দেশৰ প্ৰধানমন্ত্ৰী? কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দিলে ইয়াৰ উত্তৰ। কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৰাকীৰ মতে আজিৰ তাৰিখত নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ ক্ষেত্ৰত আছে কংগ্ৰেছৰ অৱদান।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছে। মহাৰাষ্ট্ৰৰ নান্দেদতে ভাৰত জোড়ো যাত্ৰাৰ এক ৰেলী সম্বোধন কৰি মল্লিকাৰ্জুন খাৰ্গেয় দাবী কৰিছে কংগ্ৰেছৰ বাবেই নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হৈ আছে।

কংগ্ৰেছ সভাপতিগৰাকীৰ মতে কংগ্ৰেছে দেশৰ সংবিধানক সুৰক্ষিত কৰিছিল। কংগ্ৰেছে সংবিধান সুৰক্ষিত কৰাৰ বাবেই নৰেন্দ্ৰ মোডী আজিৰ দেশৰ প্ৰধানমন্ত্ৰী। কেৱল সেয়াই নহয়, মল্লিকাৰ্জুন খাৰ্গেৰ দাবী কংগ্ৰেছে দেশ গঢ়িছিল।

এটাৰ পিছত আন এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ গঢ়িছিল। কিন্তু আজি বিজেপিয়ে প্ৰশ্ন কৰে কংগ্ৰেছে দেশৰ বাবে কি কৰিলে? কংগ্ৰেছে গঢ়া ৰাজহুৱা খণ্ডৰ উদ্যোগ, প্ৰতিষ্ঠানবোৰ আজি প্ৰধানমন্ত্ৰী মোডীয়ে এটা এটাকৈ বিক্ৰী কৰাৰ বাহিৰে বেলেগ কি কৰিছে?

ইয়াৰোপৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, বিজেপিয়ে প্ৰতি বছৰে ২ কোটি চাকৰি দিয়াৰ কথা কৈছিল। সেই কথাও বিজেপিয়ে ৰাখিব নোৱাৰিলে।

মল্লিকাৰ্জুন খাৰ্গেৰ মতে বিজেপি চৰকাৰে এই পৰ্যন্ত মাত্ৰ ৭৫ হাজাৰ চাকৰি হে দিবলৈ সক্ষম হৈছে। মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰশ্ন, বিজেপিৰ চৰকাৰ গঠন হোৱা ৯ টা বছৰ হ'ল। সেই অনুসৰি ১৮ কোটি চাকৰি ক'ত?

ইমানেই নহয়, খাৰ্গেৰ অভিযোগ মোডী চৰকাৰে এটাৰ পিছত আন এটা বিমানবন্দৰ, বন্দৰ বিক্ৰী কৰি আছে আৰু এই আটাইবোৰ সম্পত্তি নিৰ্বাচিত কেইজনমান লোকৰ হাতলৈ গৈ আছে। এইদৰেই কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতিগৰাকী এতিয়া বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে , ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাই ২ মাহ অতিক্ৰম কৰিছে। এই যাত্ৰাই দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যৰ মাজাৰে আহি মহাৰাষ্ট্ৰত উপস্থিত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in