/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Fivedff.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: : শুকুৰবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় এজন সন্ত্ৰসবাদী। আৰক্ষীয়ে জনোৱা অনুসৰি সন্ত্ৰাসবাদী বিৰোধী অভিযানত এজন বিদেশী সন্ত্ৰাসবাদী নিহত হয় ।
সন্ত্ৰাসবাদীজনক জৈইচ-ই-মহম্মদৰ সদস্য হিচাপে চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, নিৰাপত্তাৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত শ্বপিয়ানৰ কাপ্ৰেন অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰিছিল। সেই ভিত্তিতেই পুৱাৰ ভাগত অভিযান আৰম্ভ কৰিছিল।
সন্ত্ৰাসবাদীসকলে নিৰাপত্তাৰক্ষী দলৰ ওপৰত গুলী চালনা কৰিছিল যাৰ ফলত দুয়ো পক্ষৰ মাজত গুলীয়াগুলী হৈছিল। এই গুলীয়াগুলীতে নিহক হয় সন্ত্ৰাসবাদী জন।
নিহত সন্ত্ৰাসবাদীজনক কুলগাম-শ্বপিয়ান অঞ্চলত সক্ৰিয় হৈ থকা কামৰান ভাই ওৰফে হানিছ বুলি চিনাক্ত কৰা হৈছে। এতিয়াও উক্ত অঞ্চলত অভিযান অব্যাহত আছে।