মাজবাটত ভয়ংকৰ ঘটনাঃ ডাম্পাৰৰ চেপাত নিহত এজন...

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰসহ চালক মাজবাট আৰক্ষী থানাত

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন

ডাম্পাৰৰ চেপাত নিহত এজন

ডিজিটেল সংবাদ,ওৰাঙঃ মাজবাটৰ লামাবাৰীৰ গধুলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ চেপাত নিহত এজন লোক। নিহত লোক জনৰ নাম মিথু মাঝি (৫১) বুলি জানিব পৰা গৈছে।

Advertisment

নিহত মাঝিৰ ঘৰ এন চি ভেলুগুৰি ৰৌতা লাইনৰ মনিৰাম মাঝিৰ পুত্ৰ বুলি জানিব পৰা গৈছে। ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত চকাৰ তলত সোমামগৈ লোক জন। ধনশ্ৰীৰ পৰা মাজবাট অভিমুখী AS 27 C 3868 নম্বৰৰ ডাম্পাৰে মহতিয়াই নিয়ে লোক জনক।

ডাম্পাৰৰ চকাৰ তলত পৰা স্থানীয় লোকে উদ্ধাৰ কৰে নিহত মাঝিক। মাজবাট আৰক্ষীয়ে মাজবাট থানালৈ লৈ আহে নিহত মিথু মাঝিৰ মৃতদেহ। সম্প্ৰতি দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ সহ চালকক মাজবাট আৰক্ষী থানাত।

আৰু পঢ়কঃ সমবায় বিভাগৰ অতিৰিক্ত পঞ্জীয়ক আৰু উপ-পঞ্জীয়কক ৰদ-বদল

assam majbaat dumper majbat police accident