উৎকট গৰম! শুকুৰবাৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা…

উৎকট গৰম! শুকুৰবাৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা…

author-image
asomiyapratidin
New Update
উৎকট গৰম! শুকুৰবাৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা…

 ডিজিটেল ডেস্ক: উৎকট গৰমে দহিছে কেইবাখনো ৰাজ্য। এই গৰমত এজাক বৰষুণে কিছু সকাহ আনে ৰাজ্যবাসীলৈ। কিন্তু মুম্বাইৰ বাৰিষাৰ বৰষুণে সংকত কঢ়িয়াইহে আনে।প্ৰৱল বৃষ্টিপাতৰ ফলত মুম্বাই এতিয়া .পানীৰ তলত।

সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল। ৰাজপথ, ট্ৰেইন ষ্টেচন আদিও পানীৰে ভৰি পৰিছে। ইয়াৰ ওপৰত দৃষ্টি ৰাখিয়েই ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক শুকুৰবাৰলৈ ওৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৫ জুলাইত মুম্বাইত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া জাননীৰ পাছতেই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে প্ৰশাসনক সতৰ্কতা জাৰি কৰিবলৈ নিৰ্দেশ দিয় লগতে নদীৰ জলস্তৰৰ ওপৰতো লক্ষ্য ৰাখিবলৈ কয়।

আৰু পঢ়ক: অচেতন অৱস্থাত বকোত অচিনাক্ত যুৱকক উদ্ধাৰ…

mumbai monsoon rain