অচেতন অৱস্থাত বকোত অচিনাক্ত যুৱকক উদ্ধাৰ…

অচেতন অৱস্থাত বকোত অচিনাক্ত যুৱকক উদ্ধাৰ…

ডিজিটেল সংবাদ, বকো : বকোত অচিনাক্ত যুৱক এগৰাকী অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ। মঙলবাৰে ৰে'লপথৰ সমীপৰ বকো বাকাৰাপাৰাগাঁৱত উদ্ধাৰ হোৱা যুৱকগৰাকীৰ কাষত এটা বেগ পোৱা গৈছে ।

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বকো আৰক্ষীয়ে যুৱকগৰাকীক সেই ঠাইৰ পৰা উদ্ধাৰ কৰি ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছে । নিচাজাতীয় দ্ৰব্য খুৱাই যুৱকগৰাকীক দুৰ্বৃত্তই সেই ঠাইত পেলাই থৈ যোৱা বুলি অনুমান কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in