/asomiyapratidin/media/media_files/2025/07/21/1-2025-07-21-14-47-01.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত প্ৰতিগৰাকী মন্ত্ৰীয়ে নিজ নিজ বিষয়ক লৈ চৰ্চা চলাই থকাৰ মাজতে ৰাজ্যখনৰ কষিমন্ত্ৰীৰ এটা ভিডিঅ'ই সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে।
দৰাচলতে বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ কৃষি মন্ত্ৰী মণিকৰাও কোকাটে মোবাইলত জংগলী ৰমী খেলি থকা অৱস্থাত কেমেৰাত ধৰা পৰে। বিধানসভাৰ কেমেৰাত এই কাণ্ড ধৰা পৰাৰ পিছতে মন্ত্ৰী কোকাটে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছে।
ইতিমধ্যে মন্ত্ৰী গৰাকীয়ে মোবাইল ফোনত জংগলী ৰমী খেলি থকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, জংগলী ৰমী হৈছে এটা জনপ্ৰিয় অনলাইন কাৰ্ড গেম এপ। ৱেবছাইট য'ত মানুহে বিভিন্ন ফৰ্মেট খেলিব পাৰে, যেনে Points Rummy, Deals Rummy আৰু Pool Rummy।
ই হৈছে এটা বা দুটা ডেক কাৰ্ড ব্যৱহাৰ কৰি দুজনৰ পৰা ছয়জন খেলুৱৈৰ সৈতে খেলা কাৰ্ড গেম। লাখ লাখ ব্যৱহাৰকাৰীয়ে ইয়াক নিজৰ ডিভাইচত ডাউনলোড কৰি আনন্দ উপভোগ কৰে। একাংশই এই খেলৰ জৰিয়তে নগদ টকাও পাবলৈ সক্ষম হয়। একাংশৰ মতে জংগলী ৰমী এক প্ৰকাৰৰ জুৱা।
ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ দলৰ বিধায়ক ৰোহিত পাৱাৰে এটা ক্লিপ পোষ্ট কৰিছিল য’ত মিষ্টাৰ কোকাটে খেল খেলা যেন দেখা গৈছিল। ইয়াৰ ফলত জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হয়। বিশেষকৈ ৰাজ্যৰ কৃষকসকল কৃষি সংকতৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে সংবেদনহীনভাৱে জুৱা খেলত মগ্ন বুলি অভিযোগ কৰে বহু লোকে।
“#जंगली_रमी_पे_आओ_ना_महाराज…!”
— Rohit Pawar (@RRPSpeaks) July 20, 2025
सत्तेतल्या राष्ट्रवादी गटाला भाजपला विचारल्याशिवाय काहीच करता येत नाही म्हणूनच शेतीचे असंख्य प्रश्न प्रलंबित असताना, राज्यात रोज ८ शेतकरी आत्महत्या करत असताना सुद्धा काही कामच नसल्याने कृषिमंत्र्यांवर रमी खेळण्याची वेळ येत असावी.
रस्ता भरकटलेल्या… pic.twitter.com/52jz7eTAtq
এই ক্লিপটো এক্সত শ্বেয়াৰ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চৰদ পাৱাৰে কয় যে, ৰাজ্যখনত দৈনিক ৮ জন কৃষকে আত্মহত্যা কৰি থকাৰ সময়তো কৃষি মন্ত্ৰীগৰাকীয়ে ৰমী খেলিবলৈ সময় পাইছে।
আনহাতে মন্ত্ৰী কোকাটে এই অভিযোগ খণ্ডন কৰি কয় যে, তেওঁ মাত্ৰ ইউটিউবৰ এটা বিজ্ঞাপন চাই আছিল। তেওঁ দাবী কৰে যে, ইউটিউবত বিধানসভাৰ কাৰ্য্যবিধি চাবলৈ চেষ্টা কৰি থাকোতে এই গেমটো স্বয়ংক্ৰিয়ভাৱে পপ আপ হৈছিল।
তেওঁ কয়, 'মই যিহেতু জানো যে কেমেৰা আছে, মই কিয় তাত বহি খেল খেলিম? মই সেইটো স্কিপ কৰিব বিচাৰিছিলো,দুবাৰকৈ চেষ্টা কৰিছিলো যদিও পৰা নাছিলো।