ৰাছিয়াত ৰুষ্ট প্ৰকৃতিঃ ভূমিকম্পৰ পিচতে শিভেলুচত আগ্নেয়গিৰি উদগীৰণ

ৰাছিয়াত ৰুষ্ট প্ৰকৃতিঃ ভূমিকম্পৰ পিচতে শিভেলুচত আগ্নেয়গিৰি উদগীৰণ
Published on
Updated on

ডিজিটেল ডেস্কঃ পূব ৰাছিয়াত এক ভয়ংকৰ ভূমিকম্প সংঘটিত হয় ৷ ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.০ ৰিখটাৰ স্কেল ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ভূমিকম্পটোৰ পাচতে ৰাছিয়াৰ শিভেলুচত আগ্নেয়গিৰি উদগীৰণ হয় ৷ এই উদগীৰণৰ ফলত উদ্ভৱ হোৱা লাভা আৰু ধোঁৱাৰ স্তম্ভ সমুদ্ৰৰ পৰা ৮ কিলোমিটাৰ ওপৰলৈকে উঠি গৈছিল ৷

অৱশ্যে এই প্ৰাকৃতিক দুৰ্যোগৰৰ ফলত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে। লগতে ভূমিকম্পৰ ফলত কোনো ধৰণৰ বিশেষ ক্ষতিও হোৱা নাই। অৱশ্যে বহু অট্টালিকাত কিছু কিছু ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে ভূমিকম্পৰ ফলত অঞ্চলটোৰ বহু বাসিন্দাই ইতিমধ্যে নিজৰ আপোন ঘৰখন এৰি উক্ত স্থান ত্যাগ কৰিছে। ভূমিকম্পটোৰ ফলত বহু লোকৰ আচবাব ভাঙি চূৰমাৰ হৈছে বুলি জানিব দিছে।

ৰাছিয়াত ৰুষ্ট প্ৰকৃতিঃ ভূমিকম্পৰ পিচতে শিভেলুচত আগ্নেয়গিৰি উদগীৰণ
উৰিয়ামঘাটত দোকানীক প্ৰহাৰৰ চেষ্টা নগা দুৰ্বৃত্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in