/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4ed9ba21-782a-4732-9522-7767e375bd39/ind_bhutan.jpg)
আজিৰে পৰা আৰম্ভ হ'ল সূৱণখাটা মাঘ মেলা
ডিজিটেল সংবাদ,সূৱনখাটাঃ আজিৰে পৰা ৮ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে চলিব ঐতিহাসিক সূৱণখাটা মাঘ মেলা। বুধবাৰে পুৱা বি টি চিৰ অধ্যক্ষ কাতিৰাম বড়োৱে মূলদ্বাৰ উদঘাটনৰ পিচতেই আৰম্ভ হয় ৭১ সংখ্যক সূৱণখাটা মাঘ মেলা।
ভিন্ন জনগোষ্ঠীৰ নৃত্য-গীতেৰে পুৱাৰ ভাগতেই সাংস্কৃতিক সমন্বয়স্থলীলৈ পৰিণত হয় সূৱণখাটা মাঘ মেলাৰ বাকৰি। সহস্ৰাধিক লোকৰ সমাগমে মুখৰিত কৰি তোলে ভাৰত-ভূটান সীমান্তত অৱস্থিত সূৱণখাটা। আনহাতে সমূহ অসমবাসীৰ উপস্থিতি কামনা কৰে মাঘ মেলা উদযাপন সমিতিয়ে।
আৰু পঢ়কঃ ৯০০ বস্তা গুটখা জব্দ...