৯০০ বস্তা গুটখা জব্দ...

৯০০ বস্তা গুটখা জব্দ...
৯০০ বস্তা গুটখা জব্দ...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চাংসাৰি আৰু বাইহাটা চাৰিআলিৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গুটখা। এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল এই গুটখাখিন।

জানিব পৰা মতে চালান অবিহনে এখন ট্ৰাকেৰে সৰবৰাহ কৰিছিল প্ৰায় ৯০০ বস্তা গুটখা। জি এছ টি পৰিষদে চালানবিহীন ভাৱে সৰবৰাহ কৰা এই বৃহৎ পৰিমাণৰ গুটখাখিনি জব্দ কৰিছে।

অৱশ্য়ে ট্ৰাকখনৰ চালক তথা সৰবৰাহকাৰীক আটক কৰাট ব্যৰ্থ হয়। ট্ৰাকখনৰ চালক আৰু এজন সৰবৰাহকাৰী পলায়ন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in