বৰপেটা সত্ৰৰ পৰম্পৰাৰে ওদালগুৰিৰ সত্ৰ-নামঘৰত মেজি প্ৰজ্বলন

পহিলা মাঘত ধৰ্মীয় অনুষ্ঠানসমূহতো ভক্তৰ সোঁত

author-image
Asomiya Pratidin
New Update
বৰপেটা সত্ৰৰ পৰম্পৰাৰে ওদালগুৰিৰ সত্ৰ-নামঘৰত মেজি প্ৰজ্বলন

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে ৰাজ্যজুৰি পালিন কৰা হৈছে উৰুকা। ওদালগুৰিৰ বিভিন্ন প্ৰান্ততো শনিবাৰে নিশা ব্যাপক উৎসাহেৰে উৰুকা পালন কৰে।নিশা লগে ভাগে এসাজ খাই আনন্দ কৰি পিছদিনা পুৱা পৰম্পৰাগত নিয়ম অনুসৰি মেজি প্ৰজ্বলন কৰে। কিন্তু চহৰখনৰ ভিন্ন প্ৰন্তত দেওবাৰৰ নিশাও উৰুকা পালন কৰা দেখা যায়।

Advertisment

বিশেষকৈ বৰপেটা সত্ৰৰ পৰম্পৰা আৰু ৰীতি-নীতি মানি একাংশ ওদালগুৰিবাসীয়ে দেওবাৰৰ নিশাও উৰুকা খোৱা পৰ্ব দেখা যায়। ইয়াৰ পাছত সোমবাৰে চহৰখনৰ সত্ৰ-নামঘৰসমূহত দেখা যায় মেজি প্ৰজ্বলনৰ দৃশ্য। বৰপেটা সত্ৰৰ সৈতে সম্পৰ্কিত ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰ ৰাখালঘৰ আদিকে ধৰি চহৰখনত বহুকেইটা সত্ৰ আৰু নামঘৰত আজি মেজি প্ৰজ্বলন কৰা দেখা যায়।

পুৱাই সত্ৰসমূহত নাম-প্ৰসঙ্গ সমাপ্ত হোৱাৰ অন্তত ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰ ৰাখাল ঘৰত পৰম্পৰা অনুসৰি আই-মাতৃ, বাপ-বান্ধৱসকলৰ উপস্থিতিত সত্ৰৰ চৌহদত নিৰ্মাণ কৰা মেজিত অগ্নিসংযোগ কৰে সত্ৰ সমাজে। মেজি প্ৰজ্বলনৰ জৰিয়তে মেজিৰ জুইত সমাজৰ অসূয়া-অপ্ৰীতি নাশ হোৱাৰ কামনা কৰে সকলোৱে।

সমান্তৰালভাৱে বিগত প্ৰায় তিনি বছৰে মহামাৰী ৰূপ ধাৰণ কৰা কৰ'না ভাইৰাচৰ অন্ত পৰাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰে। একেদৰে ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি চহৰখনৰ ভিন্ন প্ৰান্তত ৰাজহুৱাভাৱে মেজি প্ৰজ্বলন কৰা দেখা যায়। ইপিনে পহিলা মাঘৰ দিনটোত চহৰখনৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তৰ লানি নিছিগা সোঁত দেখা যায়। সত্ৰ নামঘৰসমূহৰ উপৰিও বিভিন্ন মন্দিৰত ৰাইজে ভিৰ কৰি অনাগত দিনবোৰত সকলোৰে মঙ্গল কামনা কৰে।

আৰু পঢ়কঃ ৰংজুলিত পথ দুৰ্ঘটনা

assam udalguri magh bihu