মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ ব্যাপক আয়োজন...

মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ ব্যাপক আয়োজন...
মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ ব্যাপক আয়োজন...

ডিজিটেল সংবাদ ধুবুৰীঃ কোচবিহাৰৰ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি অহা ১৬ ছেপ্টেম্বৰত মধুপুৰ সত্ৰত বিভিন্ন কাৰ্য্যক্ৰমণিকাৰে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনাইছে যে, গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে মধুপুৰ সত্ৰত ১৬ ছেপ্টেম্বৰৰ পুৱা প্ৰভাত ফেৰীৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰা হ'ব।

কাৰ্য্যসূচীৰ আন অংশ হিচাপে ৰাতিপুৱা ৮ বজাত নাম-প্ৰসংগ, ১০ বজাত ভাগৱৎ পাঠ আৰু আবেলি ২ বজাত আয়তীসকলৰ দ্বাৰা নাম-প্ৰসংগ কৰা হ'ব। এই উপলক্ষ্যে সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ সঞ্চালনাত আবেলি ২ বজাত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হ'ব।

এই সভাত উত্তৰবংগৰ বিভিন্ন সত্ৰ তথা নামঘৰৰ সত্ৰাধিকাৰ আৰু নামঘৰীয়াৰ লগতে উত্তৰবংগৰ কেইবাগৰাকীও বিশিষ্ট বৈষ্ণৱ পণ্ডিতে অংশগ্ৰহণ কৰিব। সন্ধিয়া ৫ বজাত বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী অজয় বায়নৰ পৰিচালনাত মধুপুৰ অঞ্চলৰ কেইবাগৰাকীও বংগ ভাষী যুৱক-যুৱতীয়ে সত্ৰীয়া নৃত্য, বৰগীত পৰিৱেশন কৰাৰ লগতে গুৰুজনাৰ বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰিব।

মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ ব্যাপক আয়োজন...
ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদলঃ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক বদলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in