
ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল।
ৰেলৱে আৰক্ষী অধীক্ষ তথা আই পি এছ ড০ এন ৰাজমৰ্থন্দন বৰপেটালৈ বদলি।
তেওঁক নতুনকৈ দিয়া হৈছে FRRO বৰপেটাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব।
ওদালগুৰিৰ আৰক্ষী অধীক্ষক তথা আই পি এছ সুপ্ৰীয়া দাসক নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।
গোলাঘাটৰ আৰক্ষী অধীক্ষক তথা আই পি এছ পুষ্কিন জৈনক উদালগুৰিলৈ বদলি।
নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক তথা এপিএছ বিষয়া সুধাকৰ সিঙক চি আই ডি (Zonal-I) ৰ উলুবাৰীলৈ আৰক্ষী অধীক্ষক হিচাপে বদলি।
বাক্সাৰ আৰক্ষী অধীক্ষক, এপিএছ বিষয়া ৰাজেন সিঙক গোলাঘাটৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।
চি আই ডি (Zonal-I) ৰ উলুবাৰীৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (নিৰাপত্তা) হিচাপে বদলি।
কাহিলীপাৰাস্থিত চতুৰ্থ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট, এ পি এছ বিষয়া দেৱাশীষ বৰাক ৰে'লৱে আৰক্ষী অধীক্ষক, পাণ্ডুৰ অতিৰিক্ত দায়িত্ব।
নলবাৰীৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট, এ পি এছ বিষয়া উজ্জল প্ৰতিম বৰুৱাক বাক্সাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।
গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)তথা এ পি এছ বিষয়া অঞ্জন পণ্ডিতক চতুৰ্দশ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্টৰ দায়িত্ব।