মাছাই অলিম্পিক : চিকাৰৰ পৰা ক্ৰীড়ালৈ...

আৰম্ভ হ'ল কেনিয়াৰ বিখ্যাত মাছাই জনগোষ্ঠীৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা ।

author-image
Asomiya Pratidin
New Update
মাছাই অলিম্পিক : চিকাৰৰ পৰা ক্ৰীড়ালৈ...

ডিজিটেল ডেস্ক : আৰম্ভ হ'ল কেনিয়াৰ বিখ্যাত মাছাই জনগোষ্ঠীৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা । পূৰ্বতে সিংহৰ চিকাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতা বৰ্তমান কেৱল ক্ৰীড়া প্ৰতিযোগিতালৈ ৰূপান্তৰ হোৱাত সকাহ অনুভৱ কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ সুৰক্ষাকৰ্মী সকলেও ।

এতিয়া সহস্ৰাধিক মাছাই জনগোষ্ঠীয় লোকেৰে লোকাৰণ্য হৈ পৰা দেখা গৈছে ক্ৰীড়াভূমি । মাউন্ট কিলিমাঞ্জাৰোৰ সমীপত অনুষ্ঠিত হ'ব লগীয়া এই প্ৰতিযোগিতাত আছে হাই জাম্প, জেভলিন থ্ৰ' আদি প্ৰতিযোগিতা ।

উল্লেখ্য যে, এই বাৰ্ষিক প্ৰতিযোগিতাৰ আৰম্ভণিও কৰা হৈছিল সিংহৰ চিকাৰৰ জড়িয়তে । কিন্তু বিগত কিছু বছৰৰ পৰা মাছাই জনগোষ্ঠীয় লোকৰ এই অভ্যাসৰ বাবে সততেই সিংহৰ বিচৰণথলী বুলি গণ্য কৰি অহা কেনিয়াত সিংহৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে জনগোষ্ঠীটিয়ে বিৰত থাকে এই অভ্যাসৰ পুনৰাবৃত্তি কৰাৰ পৰা ।               

পঞ্চম বাৰৰ বাবে অনুষ্ঠিত হোৱা মাছাই অলিম্পিকৰ এই সংস্কৰণত অংশ গ্ৰহণ কৰিছে সৰ্বমুঠ ১৬০ গৰাকী যুৱ জনগোষ্ঠীয় যোদ্ধাই ।

আৰু পঢ়ক : সুকলমে উভতি আহিল নাছাৰ অৰায়ন কেপছুল...

maasai tribe kenya