'লুনা-২৫' বিফলতাৰ দুখত স্বাস্থ্যৰ অৱনতি ৰাছিয়াৰ জ্যেষ্ঠ বিজ্ঞানীৰ

'লুনা-২৫' বিফলতাৰ দুখত স্বাস্থ্যৰ অৱনতি ৰাছিয়াৰ জ্যেষ্ঠ বিজ্ঞানীৰ

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা-২৫য়ে অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাই বিফল হোৱাৰ পাছতেই বিশ্বতে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে এই অভিযানত কাম কৰা এগৰাকী আগশাৰীৰ পদাৰ্থবিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানীক মস্কোৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱাৰ কথা প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

প্ৰকাশিত খবৰ অনুসৰি 'লুনা-২৫' বিফল হোৱাৰ পিছতে বিজ্ঞানীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। যাৰ বাবে শনিবাৰে ৯০ বছৰীয়া মিখাইল মাৰোভ নামৰ বিজ্ঞানীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত বিজ্ঞানীজনে চিকিৎসালয়ৰ কক্ষৰ পৰাই সাংবাদিকৰ আগত কয় যে- 'মই লুনা-২৫ৰ বিষয়ে কেনেকৈ চিন্তা নকৰাকৈ থাকিব পাৰোঁ, সেয়া জীৱনৰ বাবে ডাঙৰ বিষয় হৈ পৰিছে।'

তেওঁৰ ভাষ্যৰ পৰাই স্পষ্ট হ'ব পাৰি যে, লুনা-২৫ৰ বিফলতাক সহজভাবে ল'ব পৰা নাই মিখাইল মাৰোভে। তদুপৰি সাংবাদিকৰ আগত অৱগত কৰা অনুসৰি, 'লুনা-২৫' বিফল হোৱাৰ সময়খিনিত ইমানেই ভয়ংকৰ বিধ্বংসী আছিল যে সেই বিধ্বংসী চাপে তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। উল্লেখ্যযোগ্য যে, পূৰ্বে ছোভিয়েট ইউনিয়নৰ মহাকাশ অভিযানত কাম কৰা বিজ্ঞানীজনে 'লুনা-২৫' অভিযানক তেওঁৰ জীৱনৰ কামৰ সমাপ্তি বুলি অভিহিত কৰিছিল। সেয়ে এই অভিযানৰ বিফলতাক তেওঁ সহজভাবে ল'ব পৰা নাই বুলি মন্তব্য একাংশৰ।

'লুনা-২৫' বিফলতাৰ দুখত স্বাস্থ্যৰ অৱনতি ৰাছিয়াৰ জ্যেষ্ঠ বিজ্ঞানীৰ
চীন-ভাৰতৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰে ব্ৰিকছ সন্মিলনলৈ ৰাওনা প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in