চীন-ভাৰতৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰে ব্ৰিকছ সন্মিলনলৈ ৰাওনা প্ৰধানমন্ত্ৰী

চীন-ভাৰতৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰে ব্ৰিকছ সন্মিলনলৈ ৰাওনা প্ৰধানমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
চীন-ভাৰতৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰে ব্ৰিকছ সন্মিলনলৈ ৰাওনা প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে মঙলবাৰে পুৱাই দক্ষিণ আফ্ৰিকালৈ ৰাওনা হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচী হাতত লৈ জোহান্সবাৰ্গলৈ যাত্ৰা প্ৰধানমন্ত্ৰীগৰাকীৰ। দেশ এৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ মন্তব্য- ভাৰতে ব্ৰিকছ সন্মিলনৰ আলোচনাৰ প্ৰতিটো বিষয়ক সহযোগ কৰিব।

Advertisment

ইপিনে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ সময়তে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে। যদি প্ৰধানমন্ত্ৰী মোডী আৰু ছি জিনপিঙৰ মাজত এই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়, তেন্তে ২০২০ চনৰ মে মাহত ভাৰত-চীন সীমান্ত অচলাৱস্থা আৰম্ভ হোৱাৰ পিছত এয়াই তেওঁলোকৰ প্ৰথম বৈঠক হ'ব।

আনহাতে ২০১৯ চনৰে পৰা ক'ভিড মহামাৰীৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত হৈ অহা এই সন্মিলন এই বৰ্ষত মুখামুখী হোৱাৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্যযোগ্য যে, এই সন্মিলন হৈছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ নেতাসকলৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠক।

Also Read: আৰক্ষীৰ বেশত অপহৰণকাৰীঃ কথমপি প্ৰাণ ৰক্ষা কৃষক মুক্তি সংগ্ৰাম সমিতৰ সদস্যৰ

china india narendra modi