মনিপুৰৰ উগ্ৰপন্থী সংগঠন এলটিটিৰ কেডাৰ গ্ৰেপ্তাৰ

গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে লিবাৰেছন টাইগাৰ্ছ অফ ট্ৰাইবেল সংক্ষেপে LTT ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে৷
 মনিপুৰৰ  উগ্ৰপন্থী সংগঠন এলটিটিৰ কেডাৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰ: গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে লিবাৰেছন টাইগাৰ্ছ অফ ট্ৰাইবেল সংক্ষেপে LTT ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে৷ মনিপুৰ ভিত্তিক উগ্ৰপন্থী সংগঠন LTT ৰ কেডাৰ জনৰ পৰা এটা 'নাইন এমএম' পিষ্টল আৰু দুটা সক্ৰিয় গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে৷

ধৃত উগ্ৰপন্থী জনৰ নাম ছেমিংথং এলেক্স গেংটে বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ জয়পুৰ থানা এলেকাৰ হৰিনগৰ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় উগ্ৰপন্থী জনক ৷ ধৃত উগ্ৰপন্থী জনৰ ঘৰ ডিমা হাচাও জিলাৰ জিনামঘাটত ৷

উগ্ৰপন্থী জন ড্ৰাগছ ব্যৱসায়ৰ লগতে জৰিত থকাৰ লগতে মনিপুৰ- কাছাৰ সীমান্ত ৱৰ্তী এলেকাত ধন দাবী কৰা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই৷ উগ্ৰপন্থী জন কি উদ্দেশ্য লৈ কাছাৰত প্ৰবেশ কৰিছিল, তাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলিও সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে৷

আৰু পঢ়ক: ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা পলাতক আচামীক গোগামুখত গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in