/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e0c667ce-c21e-4bf4-90c2-e82eb33b3e16/agranii.jpg)
dhemaji
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি আদালতৰ দ্বাৰা বিচাৰধীন হৈ থকা ভাৰতীয় দণ্ডবিধি ৪৪৮(এ) /৪৯৪ ধাৰাৰ পি. আৰ ৫০০১/২০২২ নম্বৰ গোচৰৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কৌপাতনি গাঁৱৰ হৰেণ শইকীয়া নামৰ আচামীজনক স্বাস্থ্যজনিত কাৰণত ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তিকৰোৱা হয়।
চিকিৎসাধীন হৈ থকা অৱস্থাত বুধবাৰে মাজনিশা চিকিৎসালয়ৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল আচামীটোৱে ৷ এই ঘটনাই গোগামুখ আৰক্ষীৰ মাজত হাহাঁকাৰ সৃষ্টি কৰিছিল।
গোগামুখ আৰক্ষীয়ে নেৰানেপেৰা অভিযান চলাই বৃহস্পতিবাৰে গোগামুখৰ কৌপাতনিলৈ গৈ থকা অৱস্থাতেই পুনৰ আচামীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ইতিমধ্যে আদালতে পলাতক আচামী হিচাপে ঘোষণা কৰা এই আচামীজনক আজি দুদিনমানৰ আগতে গ্ৰেপ্তাৰ কৰিছিল ৷
আৰু পঢ়ক : ধেমাজি জিলাৰ ১,২৪৪ ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান...