এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় লাভলিনা বৰগোঁহাইৰ...

এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰে লাভলিনাই

author-image
Asomiya Pratidin
New Update
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় লাভলিনা বৰগোঁহাইৰ...

lovleena

ডিজিটেল ডেস্ক : এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভঅলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট বক্সাৰ লাভলিনা বৰগোঁহাইৰ। লাভলিনাই মহিলাৰ ৭৫ কেজি শাখাত উজবেকিস্তানৰ ৰুজমেটোভা চোখিবাক পৰাস্ত কৰি এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰে।

Advertisment

শুকুৰবাৰে জৰ্ডানৰ আম্মানত অনুষ্ঠিত হোৱা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক জয়ৰ সৰ্বসন্মত সিদ্ধান্তৰ দ্বাৰা লভলিনাই ৰুজমেটোভাক ৫:০ ব্যৱধানত পৰাস্ত কৰে।

ইয়াৰ উপৰিও এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে শিৱ থাপাই। শিৱই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত তাজাকিস্তানৰ বাখদুৰ উচমনভৰক ৪-১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

আৰু পঢ়ক : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বৰ্ষাৰণ্য পবা বনাঞ্চলত জংগল ট্ৰেকিং...

assam asian boxing lavleena