/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/96a5f0fa-0aa9-42c8-aedf-9847a5df6404/jjggg.jpg)
silapothar
ডিজিটেল সংবাদ, জোনাই : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দলে শুকুৰবাৰে বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁড়াল পবা সংৰক্ষিত বনাঞ্চলত জংগল ট্ৰেকিং কৰি পৰিৱেশ অধ্যয়ন কৰে।
প্ৰথমতে চিৰ প্ৰবহমান চিয়াং নদীৰ পাৰত অৱস্থিত নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা তথা জীৱ-বৈচিত্ৰ্যৰ ভঁড়াল বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বীটত আজি পুৱা প্ৰায় ১০ বজাত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত হোৱাৰ পিছত অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠীৰ ছেভ পবা ৰেইন ফৰেষ্টৰ সহযোগত জংগল ট্ৰেকিং কৰে।
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ললিতা দলে, সহকাৰী অধ্যাপক ড০ চন্দনা শ্যাম, ড০ পবিত্ৰ শৰ্মা, বিয়েৰাৰ পৰাগ প্ৰতিম সোণোৱালৰ লগতে ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগু, সম্পাদক ভাস্কৰজ্যোতি টায়েং, সদস্য গনেশ্বৰ কুলি, ভৃগু য়েইনৰ নেতৃত্বত আৰু তিনিমাইল বন খণ্ড কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত তিনিমাইল বীটৰ পৰা আৰম্ভ কৰি পাঁচমাইল হৈ বৰ্ষাৰণ্য পবা বনাঞ্চলৰ অভ্যন্তৰত প্ৰৱেশ কৰি প্ৰায় ১২ কিলোমিটাৰ জংগল ট্ৰেকিং কৰি পৰিৱেশ অধ্যয়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c52d3b0e-287a-46a5-b236-6001abf71832/rfv.jpg)
তদুপৰি এই জংগল ট্ৰেকিঙৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক ছেভ পবা ৰেইন ফৰেষ্টৰ পৰিৱেশকৰ্মীসকলে বিভিন্ন প্ৰজাতিৰ গছ-গছনি, বন্যপ্ৰাণী, পখিলা আদি পৰিচয় কৰাই দিয়াৰ লগতে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত জীৱ-বৈচিত্ৰ্য সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰে।
তদুপৰি দলটো বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ আভ্যন্তৰত চক্ৰকাৰে থিয় হৈ জংগল ট্ৰেকিঙৰ অভিজ্ঞতাৰ ওপৰত মত বিনিময় কৰাৰ লগতে দুই মিনিট নীৰৱতা অৱলম্বন কৰি নিৰ্বাক প্ৰকৃতি আৰু বন্যপ্ৰাণী, চৰাই-চিৰিকটিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ সংকল্প গ্ৰহণ কৰে।
তদুপৰি ছেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে গছক সাৱতি ধৰি বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আৰু অৰণ্য সংৰক্ষণৰ অংগীকাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১০,২২১ হেক্টৰ বনভূমি আগুৰি থকা তথা ১৯২৪ চনতে ব্ৰিটিছৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সমৃদ্ধিশালী জীৱ-বৈচিত্ৰ্য আৰু চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য প্ৰত্যক্ষ কৰি ছাত্ৰ-ছাত্ৰীসকলে অভিভূত হৈ পৰে।
আৰু পঢ়ক : সৰুপথাৰত পথ দুৰ্ঘটনা : থিতাতে নিহত দুজন, গুৰুতৰভাৱে আহত এজন...