আশা কৰা ধৰণে নহ'ল ফলাফল: বিমৰ্ষ মনেৰেই চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি

আশা কৰা ধৰণে নহ'ল ফলাফল: বিমৰ্ষ মনেৰেই চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি

ডিজিটেল ডেস্কঃ অৱশেষত পুনৰ চৰকাৰ গঠনৰ বাট মুকলি হ’ল এন ডি এৰ। অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি এন ডি এয়ে ২৯২ খন আসনত অগ্ৰগতি লাভ কৰিছে। বাতৰি লিখাৰ সময়লৈকে বিজেপিয়ে অকলেই ২২১ খন আসনত বিজয় লাভ কৰি সৰ্বাধিক আসনত বিজয়ী দল হিচাপে পৰিগণিত হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে অকলে ৮৭ খন আসনত বিজয় লাভ কৰিছে আৰু সামগ্ৰিকভাৱে ৯৯ খন আসনত আগবাঢ়ি আছে। অৱশ্যে ইণ্ডিয়া গোট এই পৰ্যন্ত ২৩২ খন আসনত আগবাঢ়ি আছে।

মন কৰিবলগীয়া যে, অবকি বাৰ ৪০০ পাৰ শ্লোগানেৰে এইবাৰ নিৰ্বাচনত জপিয়াই পৰা বিজেপিয়ে যি আত্মবিশ্বাসেৰে নিৰ্বাচনত ৩৭০ ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছিল সেই দম্ভ, অহংকাৰৰ আজি পতন ঘটিছে। বিশেষকৈ ধৰ্মীয় মেৰু বিভাজনৰ কথাৰে এক অসুস্থ বাতাবৰণ সৃষ্টি কৰিছিল সেই ধৰ্মীয় কথা বতৰাক যেন গুৰুত্বই নিদিলে দেশৰ জনসাধাৰণে।

যি ৰাম মন্দিৰক লৈ বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাই নহয় ৩৭০ ৰো অধিক আসন লাভেৰে সংসদত অপ্ৰতিৰোধ্য হৈ পৰাৰ অংক কৰিছিল সেই বিজেপিক উত্তৰ প্ৰদেশৰ জনতাই এক শিক্ষা প্ৰদান কৰিলে। ৰাজ্যখনত সমাজ বাদী পাৰ্টীয়ে ৩৭ খন আসন প্ৰদান কৰিলে। ইয়াৰ বিপৰীতে বিজেপিক দিলে ৩৩ খন আসন। কংগ্ৰেছে পালে ৬ খন আৰু অন্যান্যই পালে ৪ খন আসন।

সেইদৰে পশ্চিমবংগতো বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও এই পৰ্যন্ত মাত্ৰ ১০ খন আসনতহে জয় লাভ কৰিছে। বাতৰি লিখাৰ সময়লৈকে আন ২ খন আসনত আগবাঢ়ি আছে বিজেপি। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে লাভ কৰিছে ২৯ খন আসন।

ইফালে বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা হেৰুওৱাত প্ৰধানমন্ত্ৰী মোডীৰ মুখৰ কথাৰো সলনি হৈছে। নিৰ্বাচনী সভাত যি দাম্ভিকতাৰে বিভিন্ন কথাৰ অৱতাৰণা কৰিছিল সেই মোডীয়ে আজি তেওঁৰ ভাষণত বিজেপিৰ কথা নককৈ কৈছে এন ডি এৰ কথা। যি সংবিধান সংশোধনৰ বাবে উঠি পৰি লাগিছিল সেই সংবিধানক এতিয়া তেওঁ আমাৰ গাইডিং লাইট বুলি উল্লেখ কৰিবলৈ বাধ্য হৈছে। তেওঁ কৈছে সকলো ৰাজ্য চৰকাৰৰ সৈতে মিলি সংবিধানৰ ৭৫ বছৰীয়া বাৰ্ষিকী পতাৰ কথা। অথচ বিদায়ী বিজেপি চৰকাৰখনে দেশৰ ভিন্ন প্ৰান্তত কিমান চৰকাৰ ভঙা, পতাৰ খেল খেলিলে সেয়া সৰ্বজন জ্ঞাত।

কি কলে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এক সংবাদ মেল সম্বোধন কৰি কয়, আমাৰ যুঁজ সংবিধান ৰক্ষা কৰাৰ। মই ভাৰতৰ জনসাধাৰণ, ইণ্ডিয়াৰ সহযোগী দল, কংগ্ৰেছৰ নেতা আৰু কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁ কয়,"আপুনি নিশ্চয় আদানিৰ ষ্টক দেখিছে। ৰাইজে মোডীক পোনপটীয়াকৈ আদানিৰ সৈতে একেলগে চায়। দুয়োৰে পোনপটীয়া সম্পৰ্ক আছে। এই সম্পৰ্ক দুৰ্নীতিৰ। এই নিৰ্বাচনে ক’লে নৰেন্দ্ৰ মোডী ডাঙৰীয়া, আমি আপোনাক নিবিচাৰো। আমি শ্বাহক নিবিচাৰো।"

ৰাহুলে পুনৰ কয়, "উত্তৰ প্ৰদেশৰ ৰাইজে বিস্ময় কৰি দেখুৱালে। ভাৰতৰ জনসাধাৰণে ভাবুকি অনুভৱ কৰি সংবিধানক সুৰক্ষিত কৰিলে। বহুত ধন্যবাদ। মই ইউ পিৰ বিষয়ে আৰু এটা কথা কবলৈ বিচাৰিছোঁ যে এই বিজয়ত মোৰ ভগ্ৰো হাত আছে।  সংবাদমেলত ৰাহুল গান্ধীক সাংবাদিকে প্ৰশ্ন কৰি কয় তেওঁলোকে প্ৰাক্তন সহযোগী দলসমূহৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিব নেকি?

এই সন্দৰ্ভত তেওঁ কয়, আমি আমাৰ মিত্ৰদলৰ লগত এই বিষয়ে আলোচনা নকৰাকৈ একো নকওঁ। কাইলৈ ইণ্ডিয়া এলায়েন্সৰ এখন বৈঠক আছে। ইফালে ৰায়বেৰলী আৰু ৱায়নাড সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত তেওঁ থাকিব বুলি কৰা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এই সন্দৰ্ভত এতিয়াও তেওঁ কোনো সিদ্ধান্ত লোৱা নাই। পৰৱৰ্তী সময়ত চিন্তা কৰিব।

মমতা বেনাৰ্জীয়ে দাবী তুলিলে প্ৰধানমন্ত্ৰী মোডীৰ পদত্যাগ

আজি নিৰ্বাচনৰ ফলাফল অহাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শীঘ্ৰে পদত্যাগ দাবী কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এফালে চি বি আই, এফালে ইডি থকাৰ পাছতো নৰেন্দ্ৰ মোডীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। তেওঁ তেওঁৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। সেয়ে তেওঁ শীঘ্ৰে পদগত্যাগ কৰিব লাগে। কিয়নো তেওঁ এইবাৰ ৪০০ পাৰ কৰাৰ শ্লোগান দিছিল।

মমতা বেনাৰ্জীয়ে পুনৰ কয়, এতিয়া তেওঁ তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ ভৰিত ধৰিবলগীয়া হৈছে। মোডীজীক মই ভালকৈ জানোঁ। তেওঁ ইণ্ডিয়া মিত্ৰজোঁটক ভাঙিব নোৱাৰে।

ইয়াৰোপৰি তেওঁ কয়, মই অখিলেশক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল কাম কৰিছে। আহিবলগীয়া নিৰ্বাচনত অখিলেশ যাদৱৰেই জয়ী হ’ব।

বহু চৰ্চিত প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি, বহু শক্তিশালী প্ৰাৰ্থী মুখামুখী হল পৰাজয়ৰ  

আজি নিৰ্বাচনী ফলাফল অনুসৰি বাতৰি লিখাৰ সময়লৈকে বিজেপিৰ ২২১ খন আসনৰ ভিতৰত যিসকলে বিজয় সাব্যস্ত কৰিছে তেওঁলোকৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, কিৰেণ ৰিজিজু,  অনুৰাগ সিং ঠাকুৰ, কংগণা ৰাণাৱট, জ্যোতিৰাদিত্য সিন্ধিয়া, বিপ্লৱ কুমাৰ দেৱ,  অজয় ভট্ট, জি কিষাণ ৰেড্ডী, সৰ্বানন্দ সোণোৱাল, সম্বিত পাত্ৰা আদিৰ দৰে নেতা।

ইফালে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী বিজয়ী হৈছে তেওঁলোকৰ মাজত আছে ৰাহুল গান্ধী, কে চি বেণুগোপাল, অমৰ সিং, চৰণসিং চান্নী, সুনীল বসু, কিশোৰী লাল, গৌৰৱ গগৈ, শশী থাৰুৰ আদিৰ দৰে নেতা। ইফালে স্মৃতি ইৰাণীৰ দৰে শক্তিশালী নেত্ৰী এইবাৰ নিৰ্বাচনত পৰাজিত হৈছে।

অসমৰ লোকসভা নিৰ্বাচনৰ ফলাফল

অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত শাসকীয় বিজেপিয়ে ৯ টা সমষ্টিত বিজয় সাব্যস্ত কৰিছে। ইয়াৰ বিপৰীতে তেওঁলোকৰ মিত্ৰ দল অগপই বৰপেটা আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত বিজয় সাব্যস্ত কৰিছে।

ডিব্ৰুগড়, লখিমপুৰ, কাজিৰঙা, শিলচৰ, কৰিমগঞ্জ, ডিফু, গুৱাহাটী, শোণিতপুৰ আৰু দৰং ওদালগুৰি সমষ্টিত বিজয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী ক্ৰমে সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা, পৰিমল শুক্লবৈদ্য, কৃপানাথ মাল্লা, অমৰসিং তিছু, বিজুলী কলিতা মেধি, ৰঞ্জিত দত্ত আৰু দিলীপ শইকীয়া।

আনহাতে যোৰহাটত পূৰ্বৰ কলিয়াবৰৰ সাংসদ তথা কংগ্ৰেছৰ সংসদৰ উপ-দলপতি গৌৰৱ গগৈ, নগাঁৱত সাংসদ প্ৰদ্যুত বৰদলৈ আৰু ধুবুৰী সমষ্টিত বিধায়ক তথা এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে বিজয় সাব্যস্ত কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ফলাফল

অসমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৭ খন ৰাজ্যতো এইবাৰো মিশ্ৰিত ফলাফল দেখা গৈছে।  প্ৰায় এটা বছৰৰো অধিক সময় উত্তেজিত হৈ থকা, গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰত স্বাভাৱিকতে বিজেপিৰ পৰাজয় হৈছে। ৰাজ্যখনৰ দুয়োখন আসনতে কংগ্ৰেছ প্ৰাৰ্থীৰ জয় হৈছে।

মেঘালয়ৰ দুখন আসনৰ ভিতৰত এখনত কংগ্ৰেছ প্ৰাৰ্থী আৰু আন এখনত ভি অ' টি পি পি পাৰ্টীৰ প্ৰাৰ্থী বিজয়ী হৈছে। অৰুণচালৰ দুয়োখন আসনত জয়ী হৈছে বিজেপি।

নাগালেণ্ডৰ একমাত্ৰ আসনখনত জয়ী হৈছে কংগ্ৰেছ আৰু মিজোৰামৰ আসনখনত জয়ী হৈছে জোৰাম পিপলছ মোভমেণ্ট। ত্ৰিপুৰাৰ দুয়োখন আসনত বিজয়ী হৈছে বিজেপি।

আনহাতে ক্ষুদ্ৰ ৰাজ্য ছিকিমৰ একামাত্ৰ আসনখন লাভ কৰিছে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই।

আশা কৰা ধৰণে নহ'ল ফলাফল: বিমৰ্ষ মনেৰেই চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি
অসত্য প্ৰমাণিত হ'ল এক্সিট পোল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in