ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ভোটাধিকাৰ সাব্যস্ত কৰিলে ড০ এছ জয়শংকৰ,বানছুৰী স্বৰাজে..

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ভোটাধিকাৰ সাব্যস্ত কৰিলে ড০ এছ জয়শংকৰ,বানছুৰী স্বৰাজে..

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা ৭ বজাৰ পৰা দেশৰ ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুঠ ৫৮ খন আসনত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

দিল্লীৰ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ পত্নীৰ সৈতে ভোটদান কৰিলে বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে।

আনহাতে পত্নী লক্ষ্মী পুৰীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।

নিজ গাঁও মিৰ্জাপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনিয়ে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বানছুৰী স্বৰাজ । নতুন দিল্লীৰ পৰা বিজেপিৰ লোকসভাৰ প্ৰাৰ্থী বানছুৰী স্বৰাজেও নিজ ভোটাধিকাৰ সাব্যস্ত কৰে।

নিজ নিজ ভোটকেন্দ্ৰত ভোটদান কৰিলে ক্ৰমে দিল্লীৰ মন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনা, খেলুৱৈ গৌতম গম্ভীৰ, নিৰ্বাচনী প্ৰাৰ্থী মনোজ তিৱাৰীৰ লগতে কেবাগৰাকী নেতা-পালী নেতাই।

উল্লেখ্য যে,আজি ৫.৮৪ কোটি পুৰুষ, ৫.২৯ কোটি মহিলা আৰু ৫,১২০ তৃতীয় লিংগৰ ভোটাৰকে ধৰি মুঠ ১১.১৩ কোটিৰো অধিক ভোটাৰে নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ভাৰতীয় নিৰ্বাচন আয়োগে ১.১৪ লাখ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় ১১.৪ লাখ নিৰ্বাচনী বিষয়াক নিয়োগ কৰিছে।

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ভোটাধিকাৰ সাব্যস্ত কৰিলে ড০ এছ জয়শংকৰ,বানছুৰী স্বৰাজে..
আজি ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ দেশৰ ৫৮সমষ্টিত আৰম্ভ ভোটগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in