কাইলৈ দেশজুৰি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত : দক্ষিণ শালমাৰা-মানকাচৰত ব্যাপক প্ৰস্তুতি

৮ মাৰ্চ ২০২৫ শনিবাৰে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত । দেশৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি লোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
লোক আদালত

লোক আদালত

ডিজিটেল সংবাদ,হাটশিঙিমাৰী : ৮ মাৰ্চ ২০২৫ শনিবাৰে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত । দেশৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি লোৱা হৈছে।

Advertisment

জিলাখনৰ ফেকামাৰীস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত চৌহদত অনুষ্ঠিত হ’বলগীয়া লোক আদালতৰ জৰিয়তে সকলো ধৰণৰ সৰু অপৰাধ, অন্যান্য দেৱানী বিবাদ, মটৰ বাহন আইন সম্পৰ্কীয় গোচৰ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ ১২৫ চি আৰ পি চিৰ ডি ভি গোচৰৰ লগতে এন আই আইন গোচৰসমূহ আপোচ-মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব।

এনে গোচৰৰ অভিযুক্তসকলে কাইলৈ অনুষ্ঠিত হ’বলগীয়া লোক আদালতৰ জৰিয়তে নিজৰ নিজৰ গোচৰসমূহ নিষ্পত্তি কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই আহ্বান জনাইছে। লক্ষণীয় যে, জিলাখনত এইবেলি প্ৰায়  সহস্ৰাধিক টি জি গোচৰ নিষ্পত্তিৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহন কৰা হৈছে।

ইতিমধ্যে অভিযুক্তসকলে জাননী পোৱাৰ পাচত বিভিন্ন গোচৰ সংক্ৰান্তত  ৯০ লাখ টকা জমা কৰিছে বুলিও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই জানিবলৈ দিছে।

hatsingimari লোক আদালত