ৰামদিয়া আৰক্ষী চকীৰ সন্মুখত ভূ মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ ধৰ্ণা

ৰামদিয়া আৰক্ষী চকীৰ সন্মুখত ভূ মাফিয়াৰ বিৰুদ্ধে ধৰ্ণা ৰাইজৰ

author-image
Asomiya Pratidin
New Update
ৰামদিয়া আৰক্ষী চকীৰ সন্মুখত ভূ মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ ধৰ্ণা

ডিজিটেল সংবাদ,হাজোঃ ৰাজ্যত পুনৰ সক্ৰিয় হৈছে ভূ মাফিয়া। মঙলবাৰে হাজোৰ ৰামদিয়া আৰক্ষী চকীৰ সন্মুখত ভূ মাফিয়া হাইদৰ,চায়েড আৰু কাবিদ আলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

Advertisment

উল্লেখযোগ্য যে, হাজোৰ ৰতনপুৰ বঙালপাৰ নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ মাটি সম্পূৰ্ণ জালিয়াতিৰে এই ৩ জন লোকে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

উপায়ন্তৰ হৈ ক্লাবৰ বিষয়ববীয়াই ৰামডিয়া আৰক্ষীত এজাহাৰ দাখিল কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যিটো সময়ত ৰাজ্যৰ ভূ মাফিয়াৰ বিৰুদ্ধে চৰকাৰ যথেষ্ট কঠোৰ হৈছে তেনে সময়ত হাজোৰ চৰ অঞ্চলত পুনৰ ভূ মাফিয়াৰ চক্ৰ গা কৰি উঠাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু প্ৰশাসনৰ সম্পূৰ্ণ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে।

Also Read: ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত “ছুটি ছুটিকৈ” শীৰ্ষক গীতৰ শুভ উন্মোচন

হাজো ভূ মাফিয়া