ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত “ছুটি ছুটিকৈ” শীৰ্ষক গীতৰ শুভ উন্মোচন

ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত “ছুটি ছুটিকৈ” শীৰ্ষক গীতৰ শুভ উন্মোচন

ডিজিটেল সংবাদ,ইটাখোলাঃ মঙলবাৰে ইটাখোলাৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত জামুগুৰিহাটৰ উজৰা চুক গাঁৱৰ যুৱ কন্ঠ শিল্পী ৰক্তিম বৰাৰ এটি বিহু সুৰীয়া গীতৰ শুভ উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিহু সুৰীয়া “ছুটি ছুটিকৈ”শীৰ্ষক গীতটিৰ শুভ উদ্বোধন কৰে যুৱ লেখক সাহিত্যিক,সাংস্কৃতিক কৰ্মী তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই।

ৰাজ মিউজিকৰ বেনাৰত ৰক্তিম বৰা আৰু অৰুন্ধুতী ভানু প্ৰিয়াই কন্ঠ দান কৰা বিহুসুৰীয়া গীতৰ কথা আৰু সুৰ ইটাখোলা অঞ্চলৰ কন্ঠ শিল্পী সীমান্ত সম্ৰাট আৰু সমুদ্ৰ সাগৰৰ। সংগীত শব্দ সংমিশ্ৰণ কুকিল সিংহৰ আৰু বাহী কৈলাশ ৰাভাৰ। ৰক্তিম বৰাৰ বিহু সুৰীয়া “ছুটি ছুটিকৈ”গীতটিয়ে শ্ৰোতা ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে উন্মোচক আৰু গীতটোৰ লগত জড়িত কলা কুশলী সকলে৷ উন্মোচনী অনুষ্ঠানত স্থানত ৰাইজৰ লগতে বিশিষ্ট সমাজকৰ্মী ৰামেশ্বৰ চাহু,তপন চৌধুৰী,সুৰেশ চাহ,গৌতম শইকীয়া আৰু অশোক গুপ্তাৰ লগতে বহুকেইগকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত “ছুটি ছুটিকৈ” শীৰ্ষক গীতৰ শুভ উন্মোচন
গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব কেজৰিৱালৰ পত্নীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in