সাহিত্যিক তিলো সোণোৱালৰ বীৰুবালা ৰাভাৰ জীৱনীমূলক গ্ৰন্থ উন্মোচন

সাহিত্যিক তিলো সোণোৱালৰ বীৰুবালা ৰাভাৰ জীৱনীমূলক গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
সাহিত্যিক তিলো সোণোৱালৰ বীৰুবালা ৰাভাৰ জীৱনীমূলক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, বেকাজান: সমাজৰ প্ৰচলিত ডাইনী প্ৰথা আৰু অন্ধবিশ্বাসসমূহৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ জনজাতীয় অঞ্চলত যোৱা দুটা দশক নিৰৱছিন্নভাৱে কাম কৰা বিশিষ্ট মানৱাধিকাকৰ্মী তথা পদ্মশ্ৰী বীৰুবালা ৰাভাৰ সংগ্ৰামী জীৱনৰ ওপৰত বিশিষ্ট সাহিত্যিক তিলো সোণোৱালে লিখি উলিওৱা '' বীৰুবালা ৰাভাৰ আভা'' শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনি শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত এক গাম্ভীযপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। এই উপলক্ষে বীৰুৱাল ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক যোগেশ ওজাই।

Advertisment

ইয়াৰ পিছত অমূল্য বৰুৱাৰ বিপ্লৱী কবিতাৰ আবৃত্তিৰে সভা শুভাৰম্ভ কৰে অসমৰ বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শ‌ইকীয়া আৰু নীহাৰিকা সোণোৱালে। বীৰুৱালা ৰাভাৰ শীৰ্ষ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাই। জীৱনীমূলক গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট চিন্তাবিদ ডঃ দেৱব্ৰত শৰ্মাই কয় যে বীৰুৱালা ৰাভাৰ সমাজৰ ডাইনী হত্যা আৰু অন্ধবিশ্বাস বিৰুদ্ধে সংগ্ৰামৰে জীৱন উৎসৰ্গা কৰিলে। জীৱনত কালত তেওঁ যি সন্মান পাব লাগিছিল সেই প্ৰাপ্যৰ বঞ্চিত। আনকি তেওঁক মৃত্যুৰ পিছত সন্মান জনাবলৈ মূল সাহিত্যিকে গ্ৰন্থ ৰচনা কৰিব লাগিছে সেয়া নকৰাতো দুৰ্ভাগ্যজনক। কিন্তু আজি তিলো সোণোৱাল দৰে জনজাতীয় সমাজৰ পৰা অহা লেখকে বীৰুৱালা দৰে সংগ্ৰামীৰ নাৰীৰ বিষয়টো গ্ৰন্থ লেখাটো নিশ্চয় ভাল কাম হৈছে। তিলো সোণোৱাল এজন পৰিশ্ৰমী লেখক। তেওঁ অন্য সাহিত্যিকৰ দৰে নগৈ গড়গাঁও বাতৰি দিওতা লোক নহয়। তেওঁ বীৰুৱালা ৰাভাৰ জন্ম গাঁৱলৈ গৈ পৰিয়ালৰ লোকক লগ ধৰি প্ৰকৃত তথ্য সংগ্ৰহ কৰি এই জীৱনীমূলক গ্ৰন্থখন লিখি উলিয়াইছে। এখনি সৰু গ্ৰন্থৰ জৰিয়তে তিলো সোণাৱালে এটা ঐতিহাসিক সত্য দাঙি ধৰিছে। যিটো বীৰুৱাল ৰাভাৰ আভা গ্ৰন্থখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা পিছতে গাৰো আৰু ৰাভাৰ জনজাতীয় সমাজৰ মাতৃপ্ৰধান সমাজৰ ব্যৱস্থা লাহে লাহে পুৰুষতান্ত্ৰিক ব্যৱস্থা লৈ পৰিৱৰ্তন হবলৈ গৈ থকাটো উদেগক প্ৰকাশ কৰে।

আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা যোৰহাট অনাতাঁৰ কেন্দ্রৰ সঞ্চালক বিশ্বজিৎ দাসে কয় তিলো সোণোৱাল দৰে সাহিত্যিক বিষয়ে প্ৰচাৰ নোহোৱাতো দুৰ্ভাগ্যজনক। ত্ৰিশখনকৈ গ্ৰন্থৰ লেখক - সাহিত্য গৰাকীৰ সাহিত্য কৰ্মৰ ওপৰত আকাশবাণী যোৰহাট কেন্দ্ৰই আলখ্য প্ৰচাৰৰ দিহা কৰিব বুলি অৱগত কৰে। জ্যেষ্ঠ সাংবাদিক যোগেশ ওজাই কয় যে বীৰুৱালা ৰাভাই এগৰাকী জনজাতীয় নাৰীহৈ সমাজৰ ডাইনী হত্যা আৰু অন্ধবিশ্বাস বিৰুদ্ধে যুজঁ দিছিল ঠিক তেনেদৰে তেওঁৰ ব্যক্তিত্বও কঠিন আছিল। তেওঁৰ পৰাই আমি অন্ধবিশ্বাস কেনেকৈ আঁতৰি আহিব লাগে শিকিছো।

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ জ্যোতিৰেখা হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয়- তিলো সোণোৱালক লৈ আমি এই কাৰণে গৌৰৱ কৰো যে তেখেতে ভীমবৰ দেউৰী উপেন হাকাচাম ৰাভা আৰু বীৰুৱালা ৰাভাৰ এই তিনিওজন জনজাতীয় লেখকৰ বিষয়ে শিশু উপযোগীকৈ গ্ৰন্থ লিখি উলিয়াইছে। বীৰুৱাল ৰাভা মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িছিল যদি তেওঁৰ কৰ্মৰ পৰিধি ইমান মহান আছিল যে তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। গতিকে সেই গৰাকী সংগ্ৰামী মহিলাৰ জীৱনীমূলক গ্ৰন্থখন সকলো শিশুক পঢ়িবলৈ দিয়া উচিত।

অনুষ্ঠানটিত বাৰ্ষিবণ্যা সোণোৱাল ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ কবিতা আবৃত্তি আৰু লিয়ণ বৰুৱাৰ ভাওনা সংলাপ চমুকৈ পৰিৱেশন কৰে। লেখক তথা যোৰহাট জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মাধৱ মহন্ত‌ই আঁত ধৰা অনুষ্ঠানটিত সাহিত্যক ডাঃ নিৰঞ্জন দাস, ক্ষীৰোদ দাস, মহেন্দ্ৰ নাথ হাজৰিকা, ডঃ ৰাতুল চন্দ্ৰ বৰা, সাংবাদিক মণ্টুচ্ কোঁৱৰ, মুনমী লালিম ইন্দ্ৰেশ্বৰ সোণোৱাল, গুলমণি ঔৰংগীয়াল ৰাজীৱ দত্ত,অজিত ঠেঙাল দিব্যজ্যোতি সোণোৱাল উপস্থিত থাকে।

Also Read: কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাঃ চি বি আইয়ে আৰম্ভ কৰিছে পলিগ্ৰাফ পৰীক্ষা...

Jorhat Press Club birubala rabha