/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-24/bmt7a5i7/r g kar 24.jpg)
কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাঃ চি বি আইয়ে আৰম্ভ কৰিছে পলিগ্ৰাফ পৰীক্ষা...
ডিজিটেল ডেস্কঃ যোৱা ৯ আগষ্টৰ নিশা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত প্ৰকৃততে কি হৈছিল? হাস্পতালখনত ৩১ বছৰীয়া চিকিৎসক ছাত্ৰীগৰাকীক দলবদ্ধভাৱে যৌন নিৰ্যাতন চলাই হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হোৱাৰ পিছতো প্ৰকৃত ঘটনাৰ ৰহস্য এতিয়াও উদঘাটন হোৱা নাই।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এই ৰহস্য উদঘাটন কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে। এই তদন্তৰ অংশ হিচাপেই হত্যাৰ অভিযোগত অভিযুক্ত মুঠ ৭ জনৰ পলিগ্ৰাফ পৰীক্ষা শনিবাৰৰ পৰা আৰম্ভ হৈছে।
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি শনিবাৰে পলিগ্ৰাফ পৰীক্ষা কৰা সম্পন্ন হয় আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ। তাৰোপৰি পলিগ্ৰাফ পৰীক্ষাৰ প্ৰস্তুতি সম্পন্ন হৈছে নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ৰো। এই পৰীক্ষাৰ বাবে কলকাতালৈ আহিছে দিল্লীৰ চি বি আইৰ এটা বিশেষ দল।
শুকুৰবাৰে ন্যায়ালয়ে এই গোচৰত অভিযুক্ত মুঠ ৭ জন লোকৰ পলিগ্ৰাফ পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই অনুসৰিয়েই কেন্দ্ৰীয় সংস্থাটোৱে আজি পলিগ্ৰাফ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
আজি সন্দীপ ঘোষৰ পলিগ্ৰাফ পৰীক্ষা হৈ গৈছে আৰু দেওবাৰে সঞ্জয় ৰায়ৰ এই পৰীক্ষা সম্পন্ন হ'ব। এইদৰেই পৰ্যায়ক্ৰমে আটাইকেইজন অভিযুক্তৰে পলিগ্ৰাফ পৰীক্ষা সম্পন্ন কৰা হ'ব।
এই পলিগ্ৰাফ পৰীক্ষা কি সেই বিষয়ে এগৰাকী চি বি আইৰ প্ৰাক্তন বিষয়াই অৱগত কৰিছে। তেওঁ জনোৱা অনুসৰি যেতিয়া এজন অভিযুক্তই অনুসন্ধনাকাৰী বা তদন্তকাৰী বিষয়া বা দলক পৰ্যাপ্ত তথ্য নিদিয়ে তেতিয়াই এই পলিগ্ৰাফ পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ সময়ত অভিযুক্তই কোনো তথ্য লুকুৱাব নোৱাৰে।
Also Read: ঘিলামৰাত ভিনিয়েকৰ কামনাৰ বলি হৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৩ মাহৰ অন্তঃসত্ত্বা...