সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক সম্বৰ্ধনা

জোনাই জ্যেষ্ঠ মিচিং নাগৰিক সন্থাৰ দলেক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক সম্বৰ্ধনা

সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক সম্বৰ্ধনা

ডিজিটেল সংবাদ , জোনাইঃ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক সম্বৰ্ধনা । মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক-সাহিত্যিক তথা সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক শনিবাৰে জোনাই মহকুমা জ্যেষ্ঠ মিচিং নাগৰিক সংস্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।

Advertisment

উল্লেখযোগ্য যে অসমৰ চৰকাৰে অলপতে মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক-সাহিত্যিক ডা০ বিদ্যেশ্বৰ দলেক সাহিত্যিক পেন্সন প্ৰদান কৰে। বিশিষ্ট সাহিত্যিক ডা০ দলেয়ে অসুস্থ হৈ থকাৰ বাবে আজি তেওঁৰ বাসগৃহত জোনাই মহকুমা জ্যেষ্ঠ মিচিং নাগৰিক সংস্থাই সম্বৰ্ধনা জনায়।

মিচিং মাপলাৰ আৰু প্ৰশস্তি পত্ৰৰে ডা০ বিদ্যেশ্বৰ দলেক সন্থাই সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰকান্ত পেগুৱে মিচিং, অসমীয়া আৰু ইংৰাজী এই তিনি ভাষাতে সমানে সাহিত্য চৰ্চা কৰা ডা০ বিদ্যেশ্বৰ দলেয়ে নিজৰ সৃষ্টিশীল সাহিত্য কৰ্মৰে কেইবাখনো মৌলিক গ্ৰন্থ প্ৰণয়ন কৰি অসমৰ সমাজ জীৱনলৈ বিশেষ অবদান আগবঢ়োৱা বুলি উল্লেখ কৰি অসম চৰকাৰেও সাহিত্যিক ডা০ বিদ্যেশ্বৰ দলেক সাহিত্যিক পেন্সন প্ৰদান কৰি যোগ্যজনকে উচিত সন্মান প্ৰদান কৰা বুলি মন্তব্য কৰে।

সম্বৰ্ধনা অনুষ্ঠানত জোনাই মহকুমা জ্যেষ্ঠ মিচিং নাগৰিক সংস্থাৰ সভাপতি নাৰায়ণ পাঠৰি, সম্পাদক লক্ষীকান্ত পাতিৰ, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰকান্ত পেগু, ডা০ জীৱন চন্দ্ৰ দলে, মাধৱ পাৱ, লক্ষীচন দলে, নকুল দলে, কৰ্জুন পাইত, ৰতিকান্ত পাতিৰ, চণ্ডীৰাম পেগু, ললিত মিলি আদিয়ে উপস্থিত থাকি ডা০ বিদ্যেশ্বৰ দলেয়ে ব্যস্ততাপূৰ্ণ চিকিৎসক জীৱনতো মিচিং আৰু অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানক প্ৰশংসা কৰে।

আৰু পঢ়কঃ অভিশপ্ত ফুটবল... এটি গ'লৰ বাবেই হত্যা কৰা হৈছিল এগৰাকী খেলুৱৈক

assam jonai