চাৰ্কাছৰ মাজতেই দৰ্শকৰ মাজলৈ সিংহই মাৰিলে জাঁপ, তাৰ পাছত...

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এক দৃশ্যই সকলোৰে বুকু কপাই তুলিছে। শ শ দৰ্শকৰ আগত চলি আছিল চাৰ্কাছ।

author-image
Asomiya Pratidin
New Update
চাৰ্কাছৰ মাজতেই দৰ্শকৰ মাজলৈ সিংহই মাৰিলে জাঁপ, তাৰ পাছত...

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এক দৃশ্যই সকলোৰে বুকু কপাই তুলিছে। শ শ দৰ্শকৰ আগত চলি আছিল চাৰ্কাছ। তাৰ মাজতে খেল প্ৰদৰ্শন কৰি আছিল দুটাকৈ সিংহই। কিন্তু হঠাতে সিংঘ দুটাই প্ৰশিক্ষকৰ বেষ্টনীৰ পৰা ওলাই আহে দৰ্শকৰ মাজলৈ । যাৰ লগে লগে দৰ্শক সকলৰ মাজত হৈ চৈ অৱস্থাৰ সৃষ্টি হয়।

Advertisment

১৬ এপ্ৰিলত পোহৰলৈ আহিছিল ভিডিঅ'টো। সিংহ দৰ্শকৰ মাজলৈ ওলাই অহাৰ পাছতেই প্ৰশিক্ষক সকলে তেওঁলোকক চম্ভালি লয়। অৱশ্যে ঘটনাৰ পৰা কোনো লোক আহত হোৱাৰ খবৰ অহা নাই।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই দৃশ্যটো চীনৰ হেনান প্ৰদেশৰ লুওয়াঙৰ। সিংহ দৰ্শকৰ মাজলৈ ওলাই অহাৰ পাছতে দৰ্শক সকলে চিঞক-বাখৰ কৰিছিল।

সংবাদ মাধ্যম গ্লোবেল টাইমছ প্ৰকাশ কৰা মতে পিঞ্জৰাটোৰ দুৱাৰ ফালদৰে বন্ধ কৰা হোৱা নাছিল। যাৰ বাবে সিংহ দুটা ওলাই যাবলৈ সক্ষম হয়।

Also Read: জম্মুত শোকাৱহ ঘটনা! ৰাজপথত জ্বলি উঠিল সেনাৰ বাহন...