জম্মুত শোকাৱহ ঘটনা! ৰাজপথত জ্বলি উঠিল সেনাৰ বাহন...

জম্মুত শোকাৱহ ঘটনা! ৰাজপথত জ্বলি উঠিল সেনাৰ বাহন...

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত শোকাৱহ ঘটনা। অগ্নিদগ্ধ হৈ মৃত্যু সাৱতি ল'লে ৪ সেনা জোৱানে। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ভাটা ধুৰিয়ান অঞ্চলৰ ওচৰত সংঘটিত হয় এই ঘটনাটো।

জানিব পৰা মতে ৰাজপথত দপদপকৈ জ্বলি উঠে সেনাৰ বাহন। যাৰ ফলত অগ্নিদগ্ধ হৈ ৪ সেনা জোৱানৰ কৰুণ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাজনো।

সূত্ৰ অনুসৰি বজ্ৰপাতৰ ফলত গাড়ী খনত জুই লগাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত। তাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

জম্মুত শোকাৱহ ঘটনা! ৰাজপথত জ্বলি উঠিল সেনাৰ বাহন...
সমকামী সকলক অন্তৰ্ভুক্ত কৰিবলৈ আইন সংশোধন কৰিব পাৰিঃ মুখ্য় ন্যায়ধীশ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in