ধুবুৰীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ আয়োজন...

জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰস্তুতি সভাত বিতং আলোচনা
ধুবুৰীত লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন
ধুবুৰীত লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন সন্দৰ্ভত আলোচনা কৰিবলৈ শুকুৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত দিবাকৰ নাথৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় ৷

বৈঠকত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সূচী অনুসৰি অহা ১৯ নৱেম্বৰৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপনৰ বিভিন্ন দিশ বিস্তৃতভাৱে আলোচনা কৰে ৷ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কীয় ৰচনা ৰাজ্য চৰকাৰে যোগান ধৰা নিৰ্দিষ্ট কাগজত লিখি Lachit Barphukan শীৰ্ষক এপছত আপলোড কৰিবলৈ জিলা উপায়ুক্তই সকলোকে আহ্বান জনায় ৷

উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে, ধুবুৰীৰ জনসংখ্যাৰ অনুপাতে মুঠ ২.৮০ লাখ কপি ৰচনা লিখা কাগজ চৰকাৰে যোগান ধৰিছে ৷ ইয়াৰে ১ লাখ কপি বিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হ'ব ৷ আনহাতে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে পৌৰসভা, পঞ্চায়ত, এন জি অ' পৰ্যায়তো ৰচনা লিখা চৰকাৰী কাগজ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা যোগান ধৰা হ'ব ৷ লগতে কয় যে, ধুবুৰীৰ ৰাইজক ৰচনা লিখি এপছত আপলোড কৰি ধুবুৰী জিলাত লাচিত বৰফুকন সম্পৰ্কত ব্যাপক সজাগতা সৃষ্টিত সহযোগিতা কৰিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে সকলোকে আহ্বান জনায় ৷

লাচিত বৰফুকনৰ জীৱন আৰু সাহসিকতাই যাতে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে তাৰ বাবে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত মহান বীৰগৰাকীৰ সন্দৰ্ভত বক্তৃতা দিবলৈ শিক্ষকসকলক আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ৷

আনহাতে বৈঠকত উল্লেখ কৰে যে, কলেজ আৰু বিদ্যালয়সমূহে শিক্ষাৰ্থীৰ মাজত একাংকিকা নাটক, চিত্ৰাংকন, তৰ্ক, বক্তৃতা, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ৷ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বিজয়ী দলৰ অংশগ্ৰহণেৰে জিলা প্ৰশাসনে জিলা পৰ্যায়ত তৰ্ক, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ৷ জিলা প্ৰশাসন, প্ৰতিখন শিক্ষানুষ্ঠান, ধুবুৰীৰ আটাইকেইখন পৌৰসভা, এন জি অ' সমূহে বৃক্ষৰোপনৰ কাৰ্যসূচীও হাতত ল'ব ৷ ইয়াৰোপৰি স্বাস্থ্য বিভাগৰ উদ্যোগত গ্ৰহণ কৰিব ৰক্তদান কাৰ্যসূচী ৷

আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, বেচৰকাৰী সংগঠনৰ সদস্য আৰু সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণেৰে অহা ২৩ নৱেম্বৰত ধুবুৰী টাউনত লাচিত বৰফুকনৰ জীৱন পৰিক্ৰমা প্ৰদৰ্শনেৰে উলিওৱা হ'ব এটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ ২৪ নৱেম্বৰত জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত হ'বলগীয়া সভাত কেবাগৰাকী ব্যক্তিয়ে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিব ৷ এই সভাতে নতুন দিল্লীত ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানো পোনপতীয়াকৈ দেখুওৱা হ'ব বুলি জানিবলৈ দিয়ে ৷

সভাত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামীসহ জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া, চক্ৰ বিষয়াসকল, ধুবুৰীৰ কেবাজনো বিশিষ্ট ব্যক্তি, বিভিন্ন পৌৰসভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়া, ধুবুৰী জিলাত থকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, প্ৰতিনিধি, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, সীমান্ত চেতনা মঞ্চ, হিউমেনিটি, লায়েন্স ক্লাৱ আদিৰ প্ৰতিনিধি সকল উপস্থিত থাকে ৷

আৰু পঢ়কঃ নগাঁৱত 'মিছন ভূমিপুত্ৰ' আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in