নগাঁৱত 'মিছন ভূমিপুত্ৰ' আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ...

নগাঁও জিলাৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হ'ব জাতিগত প্ৰমাণ পত্ৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱত 'মিছন ভূমিপুত্ৰ' আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ...

nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হ'ব জাতিগত প্ৰমাণ পত্ৰ ৷ এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়লৈ তাঁত বাতি কৰি জাতিগত প্ৰমাণ পত্ৰ বিচাৰি আবেদন কৰিব নালাগে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে ৷ নগাঁও জিলা প্ৰশাসনে প্ৰয়োজনীয় প-পত্ৰ বিদ্যালয় সমূহক যোগান ধৰিব ৷ বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী সকলে প-পত্ৰ পূৰণ কৰিব পাৰিব ৷ পৰৱৰ্তী সময়ত প্ৰশাসনে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়তে প্ৰমাণ পত্ৰ প্ৰদান কৰিব ৷

Advertisment

ইয়াৰে অংশ হিচাপে শুকুৰবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ 'মিছন ভূমিপুত্ৰ' আঁচনিৰ অধীনত বিশেষকৈ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভনি কৰা হয়।

উক্ত সভাত সভাপতিত্ব কৰে নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷ উক্ত সভাত জিলাখনৰ ২৫ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, শিক্ষা বিষয়া মৃদুল নাথৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

আৰু পঢ়ক : সোণসেৰীয়া স্মৃতি ৰোমন্থনেৰে জীপাল কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী...

assam nagaon