/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/81e7855b-73b0-433d-9440-9ddf4b3eb005/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আইনী জাননী প্ৰেৰণ আদালতৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য কৰাৰ বাবেই এই জাননী প্ৰেৰণ কৰিছে আদালতে।
উত্তৰাখণ্ডৰ কংগ্ৰছ নেতা গণেশ উপাধ্যায়য়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তৰা এক গোচৰৰ সন্দৰ্ভত এই জাননী আদালতৰ। উত্তৰাখণ্ডৰ নেতাগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যক লৈ এক গোচৰ তৰিছিল ।
২০২২ চনত উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেই মন্তব্যৰ বিৰুদ্ধাচৰণ কৰি উত্তৰাখণ্ডৰ কংগ্ৰছ নেতা গণেশ উপাধ্যায়য়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গোচৰ তৰে।
উক্ত গোচৰৰ ভিত্তিত আদালতে প্ৰেৰণ কৰা এই জাননী অনুসৰি অহা ২১ ছেপ্টম্বৰত আদালতত হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে, জাননীখন প্ৰেৰণ কৰিছে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা সত্ৰ ন্যায়ধীশ আদালতে।
Also Read: বঢ়মপুৰত ৪ শ্বহীদক স্মৰণৰ আনুষ্ঠানিকতা ৰক্ষা কংগ্ৰেছ-বিজেপিৰ