বঢ়মপুৰত ৪ শ্বহীদক স্মৰণৰ আনুষ্ঠানিকতা ৰক্ষা কংগ্ৰেছ-বিজেপিৰ

বঢ়মপুৰত ৪ শ্বহীদক স্মৰণৰ আনুষ্ঠানিকতা ৰক্ষা কংগ্ৰেছ-বিজেপিৰ সদস্যৰ।

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত ৪ শ্বহীদক স্মৰণৰ আনুষ্ঠানিকতা ৰক্ষা কংগ্ৰেছ-বিজেপিৰ

ডিজিটেল সংবাদ, বঢ়মপুৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত প্রাণ আহুতি দিয়া নগাঁও জিলাৰ বঢ়মপুৰৰ ৪শ্বহীদ ক্ৰমে ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, ঠগী সূত আৰু বলো সূতক ১৮ ছেপ্টেম্বৰৰ বিশেষ দিনটোত স্মৰণ কৰা হয়। প্ৰতি বছৰে এই দিনটোতে এইসকল শ্বহীদক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে পূৰ্বে বঢ়মপুৰত ৰাজহুৱাভাবে বিস্তৃত কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেইটামান বছৰৰ পৰা ৰাজনীতিৰ মেৰপেচত পৰি কংগ্ৰেছ আৰু শাসকীয় বিজেপিয়ে সুকীয়া-সুকীয়াকৈ আয়োজনৰ নামত কেৱল আনুষ্ঠানিকতাহে ৰক্ষা কৰি আহিছে।

Advertisment

এইবেলিও এক প্ৰকাৰ দুয়োটা ৰাজনৈতিক দলৰ সুকীয়া আহ্বান ক্ৰমে কিছু সংখ্যক লোক শ্বহীদ স্মৃতি বেদী, শ্বহীদ উদ্যান আৰু ইতিহাসপূৰ্ণ বটবৃক্ষৰ তলত সমবেত হৈ বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰতি বছৰৰ দৰে সোমবাৰেও কংগ্ৰেছৰ একালৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনো উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায়। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই আঁত ধৰা এই কাৰ্যসূচীত কেইবাগৰাকী দলীয় নেতা-কৰ্মীৰ উপস্থিতিত সাংবাদিকৰ কেইবাটাও প্ৰশ্নোত্তৰত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।

ইফালে সীমিত সংখ্যকলোকৰ উপস্থিতিত বিজেপি দলেও শ্বহীদ উদ্যান ভৱনত এখনি শ্বহীদ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে । অৱসৰপ্রাপ্ত শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ হৈ শ্বহীদ লক্ষী হাজৰিকাৰ পুত্ৰ যতীন্দ্ৰ নাথ হাজৰিকা, হৰ বৰা , মৃণাল বৰাকে প্ৰমুখ্যে কৰি অঞ্চলটোৰ বয়োজ্যেষ্ঠ দয়াৰাম কলিতা, ৰমেশ হাজৰিকা আদি কেইবাগৰাকী গণ্য-মান্য লোক উপস্থিত আছিল।

Also Read: হাটশিঙিমাৰীত SUCIৰ গণ বিক্ষোভ কাৰ্যসূচী

Martyrs