ডিক্ৰং নদীৰ পাৰত বানত ক্ষয়-ক্ষতিৰ পুনৰ উদ্ধাৰ আঁচনিৰ শুভাৰম্ভ...

অনুষ্ঠানটিত জীৱন কান্তি, চন্দ ৰূপা নেঁওগ, জয়মতী ৰাজখোৱা, ড০ সোনাৰাম কলিতা টংক দত্ত, হৰি ভাগৱতি কৃষ্ণ শইকীয়া উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
ডিক্ৰং নদীৰ পাৰত বানত ক্ষয়-ক্ষতিৰ পুনৰ উদ্ধাৰ আঁচনিৰ শুভাৰম্ভ...

ডিক্ৰং নদীৰ পাৰত বানত ক্ষয়-ক্ষতিৰ পুনৰ উদ্ধাৰ আঁচনিৰ শুভাৰম্ভ

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ ডিক্ৰং নদীৰ পাৰত বানত ক্ষয়-ক্ষতিৰ পুনৰ উদ্ধাৰ আঁচনিৰ শুভাৰম্ভ। লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পিঠাগুৰিৰ ডিক্ৰং নদীৰ সোঁপাৰে বৃহত্তৰ পিঠাগুৰি ৮০ নং শলমাৰী অঞ্চলৰ বানত ক্ষয়-ক্ষতি পুনৰ উদ্ধাৰ কামৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে সোমবাৰে এক আঁচনি উদ্ধোধন কৰা হয়।

জলসম্পদ বিভাগৰ পাঁচ কোটি টকীয়া এই আঁচনিখন উদ্ধোধন কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই। বিজেপিৰ বিহপুৰীয়া ব্লক মণ্ডলৰ সম্পাদক প্ৰকাশ চেত্ৰীয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে লখিমপুৰ জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আলিউল আখতাৰে।

অনুষ্ঠানটিত জীৱন কান্তি, চন্দ ৰূপা নেঁওগ, জয়মতী ৰাজখোৱা, ড০ সোনাৰাম কলিতা টংক দত্ত, হৰি ভাগৱতি কৃষ্ণ শইকীয়া উপস্থিত থাকে।

আৰু পঢ়কঃ মানকাচৰৰ মানুল্যাপাৰাত মীন, পশু, কৃষি বিভাগৰ বিশেষ মেলা...

assam bandardewa