মানকাচৰৰ মানুল্যাপাৰাত মীন, পশু, কৃষি বিভাগৰ বিশেষ মেলা...

মানুল্যাপাৰাত মৎস, পশু আৰু কৃষি বিভাগৰ বিশেষ মেলা অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ মানুল্যাপাৰাত মীন, পশু, কৃষি বিভাগৰ বিশেষ মেলা...

mankachar

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা মীন বিভাগৰ সহযোগত জিলাখনৰ মানুল্যাপাৰাত মীন, পশু আৰু কৃষি বিভাগৰ বিশেষ মেলা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে মানুল্যাপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই বিশেষ মেলাখন সোমবাৰে পুৱা ১০ বজাত জিলা উপায়ুক্ত পল্লৱী সৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে। মুকলি অনুষ্ঠানত উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত হিতেশ্ব মজুমদাৰ, জগদীশ ব্ৰহ্ম, ফেকামৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতা, হাটশিঙিমাৰী জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হকৰ লগতে মীন আৰু পশু বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

মেলাত কেইবাখনো বিপণীৰ জৰিয়তে তিনিওটা বিভাগৰ বিভিন্ন সামগ্ৰী, গছপুলি, পশু আদি প্ৰদৰ্শন কৰা হয়। এই তিনিওটা বিভাগৰ বিভিন্ন আঁচনি যাতে জিলাখনৰ কৃষক, পশুপালক তথা মীন পালক সকলে যাতে লাভ কৰে তাৰ বাবেও এই বিশেষ মেলাৰ জৰিয়তে সজাগতা কৰা হয়।

আৰু পঢ়ক : বহিৰাগত বনিয়াৰ দপদপনি! থলুৱাৰ স্বাৰ্থ সুৰক্ষাৰ্থে উৰিয়াগাঁৱত আৰম্ভ আমৰন অনশন

assam mankachar