/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/wws2jms3/853ef677-d854-48b6-9a05-6cc2461a2694.jpg)
ডিজিটেল সংবাদ, বোকাখাত : বাওঁপন্থী নেতা প্ৰয়াত বলো বৰাৰ স্মৃতিত এখন স্মাৰক গ্ৰন্থ শনিবাৰে কুৰুৱাবাহীস্থিত বাসগৃহৰ এটি ভাওনাৰ অনুষ্ঠানত উন্মোচন কৰা হয়। বিগত ২৯ অক্টোবৰত কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ ৭১বছৰ বয়সত নিজা বাসভৱনত মৃত্যুবৰণ কৰা বলো বৰাৰ স্মাৰক গ্ৰন্থ " যুগাগ্ৰগামী বলো বৰা" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে কৰে কবি নিজৰা বৰঠাকুৰে।
উন্মোচনী অনুষ্ঠানটোত স্থানীয় ৰাইজৰ উপৰিও বিশেষভাৱে উপস্থিত থাকে প্ৰয়াত বাওঁপন্থী নেতাগৰাকীৰ এসময়ৰ সাংস্কৃতিক সাধনাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কুৰুৱাবাহী যুৱক সংঘৰ বিষয়ববীয়াসকল ,জীপাল কৃষক শ্ৰমিক সংঘৰ মুখপাত্ৰ প্ৰবিণ পেগু , কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু গাঁওবাসী।
অসমৰ ভালেকেইজন বিশিষ্ট বাওঁপন্থী নেতা, কবি-ঔপন্যাসিক দিলীপ ফুকন, কবি-নাট্যকাৰ ৰাজীৱ কুমাৰ ফুকন, লেখিকা গীতিৰেখা দত্ত, কবি নিজৰা বৰঠাকুৰ, অগণী মহিলা নেত্ৰী মমতা গগৈ, প্ৰয়াত বলোবৰাৰ একালৰ কেইবাগৰাকীও বাওঁপন্থী সতীৰ্থ, পৰিয়ালৰ সদস্য আদিৰ ৰচনাৰে সমৃদ্ধ "যুগাগ্ৰগামী বলো বৰা" শীৰ্ষক গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশ কৰিছে বোকাখাতৰ প্ৰগতিশীল সংগঠন "প্ৰয়াস অধ্যয়ন চক্ৰ"ই। আৰু সম্পাদনা কৰিছে প্ৰয়াসৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহ, নীৰেন কাকতি আৰু পল্লৱ হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/xxg29qgs/16ce1e71-152f-4074-bdbd-470a0ec87079.jpg)
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ ব্যাপক গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈ গোলাঘাট জিলাৰ কুৰুৱাবাহীত যি "মৰিয়াহোলা আন্দোলন" শীৰ্ষক তীব্ৰ গণজাগৰণৰ সূচনা হৈছিল তাৰ বক্ষৰ পৰা উঠি আহিয়েই অসমৰ বাওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল বিশিষ্ট বাওঁপন্থী নেতা গৰাকীয়ে। তাৰ পাছৰ পৰাই কুৰুৱাবাহী তথা অসমৰ প্ৰেক্ষাপটত আপোচবিহীনভাৱে কাম কৰি গৈছিল বাওঁপন্থী নেতাগৰাকীয়ে।
Also Read: যোৰহাটত দবা প্ৰশিক্ষণ সম্পন্ন