/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/hp930rgt/78aa9b98-b9cd-4804-b98e-d8ad6f05623c.jpg)
ডিজিটেল সংবাদ, যোৰহাট : সৰ্বভাৰতীয় দবা সংস্থাৰ এক আঁচনি মৰ্মে আৰু সদৌ অসম দবা সন্থাৰ সহযোগত তথা যোৰহাট জিলা দবা সন্থাৰ আতিথ্যত যোৰহাটত দবা প্ৰশিক্ষণ সম্পন্ন হয়। ৬ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈকে গ্ৰেণ্ডমাষ্টাৰ সপ্তৰ্ষী ৰয়ৰ দ্বাৰা দবা খেলৰ এক প্ৰশিক্ষন কাৰ্যসুচী যোৰহাটত অনুষ্ঠিত কৰা হয়।
খেলুৱৈসকলৰ পাৰদৰ্শিতাৰ ভিত্তিত বিশেষভাৱে বাছনি কৰি যোৰহাট, শিৱসাগৰ আৰু গোলাঘাটৰ সৰ্বমুঠ ৬০ গৰাকীকৈ খেলুৱৈক উক্ত প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰে। তিনিদিনীয়া প্ৰশিক্ষনৰ অন্তত সকলো খেলুৱৈকে গ্ৰেণ্ডমাষ্টাৰ সপ্তৰ্ষী ৰয়ৰ দ্বাৰা একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে, দবা খেলুৱৈসকলৰ উপকৃত হোৱাত সৰ্ব ভাৰতীয় দবা সংস্থাৰ এনেধৰণৰ আঁচনি আৰু সদৌ অসম দবা সন্থাৰ প্ৰচেষ্টাক যোৰহাট জিলা দবা সন্থাৰ লগতে উপস্থিত সকলো ক্ৰীড়াপ্ৰেমীয়ে শলাগ লয়।
Also Read: চিদলীৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ