পিতৃ-মাতৃয়ে পঢ়া-শুনা ভালদৰে কৰিবলৈ কোৱা পাছতে সন্ধানহীন লংকাৰ এগৰাকী ছাত্ৰী...

পিতৃ-মাতৃয়ে পঢ়া-শুনা ভালদৰে কৰিবলৈ কোৱা পাছতে সন্ধানহীন লংকাৰ এগৰাকী ছাত্ৰী...

author-image
Asomiya Pratidin
New Update
পিতৃ-মাতৃয়ে পঢ়া-শুনা ভালদৰে কৰিবলৈ কোৱা পাছতে সন্ধানহীন লংকাৰ এগৰাকী ছাত্ৰী...

ডিজিটেল সংবাদ,লংকাঃ হোজাই জিলাৰ লংকাৰ অন্তৰ্গত মছুকাৰ পৰা এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। পিতৃ-মাতৃয়ে পঢ়া-শুনা ভালদৰে কৰিবলৈ কোৱা পাছতে ঘৰৰ পৰা সন্ধানহীন লংকাৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী।

Advertisment

লংকাৰ মছুকা ৮ নং ৱাৰ্ডৰ হৰি সিং নামৰ লোকজনৰ ১৪ বছৰীয়া শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰীগৰাকী ২৩ জুনৰ পুৱা ৪-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে।২২ জুনৰ দিনা বিদ্যালয়ৰ পৰীক্ষাৰ পৰা বহু দেৰিকৈ ঘৰত উপস্থিত হোৱা ছাত্ৰীগৰাকীক নিশা পঢ়া-শুনাৰ কথা কোৱাৰ পাছৰে পৰা ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে।

বহু বিচাৰ- খোচাৰ কৰিও ছাত্ৰীগৰাকীৰ সন্ধান পোৱা নাই পৰিয়ালে। সেয়ে ঘটনা সন্দৰ্ভত লংকা আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে পৰিয়ালে।যদি কোনো সদাসয় লোকে ছোৱালীজনীৰ কোনো সম্ভেদ পাই তেন্তে এই 8811883529 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Also Read: মহানগৰীৰ ভাড়াঘৰত CRPF জোৱানক হত্যাঃ পত্নীলৈ অভিযোগৰ আঙুলি

Lanka student missing lanka