লংকাত এগৰাকী কিশোৰীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰি পলাতক যুৱক

লংকাত এগৰাকী কিশোৰীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰি পলাতক যুৱক

author-image
Asomiya Pratidin
New Update
লংকাত এগৰাকী কিশোৰীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰি পলাতক যুৱক

ডিজিটেল সংবাদ,লংকাঃ লংকাত এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি গৰ্ভৱতী কৰি পলাতক আইনৰ ছাত্ৰ তথা ছ'ছিয়েল মিদিয়া কৰ্মী। অভিযোগ অনুসৰি লংকা কপিলী পাৰা জুনাইদ আহমেদ তপ্পাদাৰে একে গাঁৱৰে এগৰাকী ১৬‌ বছৰীয়া কিশোৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। ফলত গৰ্ভৱতী হয় কিশোৰীগৰাকী।

Advertisment

অসুস্থ হৈ পৰা কিশোৰী গৰাকী‌ক চিকিৎসকৰ ওচৰত নিয়াৰ পাছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহে। লগে লগে ভুক্তভোগীৰ পৰিয়ালে ২০ জুনত লংকা আৰক্ষী থানাত জুনাইদ আহমেদ তপ্পাদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইফালে অভিযুক্ত তপ্পাদাৰৰ পৰিয়ালে ভুক্তভোগীৰ পৰিয়ালক ঘটনাটো বুজাবুজি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

আনহাতে হোজাই আমছুৱে দোষীক কৰায়ত্ত কৰি ভুক্তভোগীৰ পৰিয়ালক ন্যায় দিবলৈ হোজাই আৰক্ষী অধীক্ষক আৰু লংকা আৰক্ষীক দাবী জনায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জুনাইদ আহমেদ তপ্পাদাৰ ধন দাবীৰ অভিযোগত জেললৈ যাব লগা হৈছিল।

Also Read: জনস্বাস্থ্যৰ দুৰ্নীতিৰ ধন মন্ত্ৰী-বিধায়কেও পাইঃ বিজেপি নেতা

lanka