জনস্বাস্থ্যৰ দুৰ্নীতিৰ ধন মন্ত্ৰী-বিধায়কেও পাইঃ বিজেপি নেতা

জনস্বাস্থ্যৰ দুৰ্নীতিৰ ধন মন্ত্ৰী-বিধায়কেও পাইঃ বিজেপি নেতা
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ দেখি শুনি স্তম্ভিত ঢকুৱাখনাবাসী। হত্যাকাণ্ডৰ মূল অভিকেন্দ্ৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ বুলি সৰ্বজনে দাবী জনাই অহা স্বত্বেও এই বিষয়টোৰ পৰা ফালৰি কাটি নিবলৈকে এটা শক্তিশালী চক্ৰই নিকৃষ্ট পৰিকল্পনা কৰা বুলি ঢকুৱাখনাৰ হাটে বাটে চর্চা হৈ আহিছে।

উথাপিত অভিযোগ মতে ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ পৰা শীর্ষ বিভাগীয় আমোলা,মন্ত্ৰী পৰ্যন্ত, স্থানীয় বিধায়কৰ পৰা দলীয় নেতা পৰ্যন্ত দুৰ্নীতিৰ কলা ধনৰ অংশৰ সোঁত প্ৰবাহিত হয়। এই গুৰুত্বপূৰ্ণ অভিযোগ সুনীলৰ আত্মীয়ৰ। তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি দুৰ্নীতি নিবাৰক শাখাৰ অভিযান কালত এই বিস্ফোৰক নথিপত্ৰ অভিযানকাৰী দলে উদ্ধাৰ কৰিছিল বুলিও জনাইছিল।

এনেবোৰ অৰ্থলোভী জনপ্ৰতিনিধি আমোলাৰ খকুৱা চৰিত্ৰ পোহৰলৈ অনাৰ বাবেই সৎ সাহসী ঠিকাদাৰ সুনীল গগৈক লক্ষ্য কৰি লোৱা বুলিও অভিযোগ তুলিছিল নিখোজ সুনীলৰ আত্মীয়ই। এনেদৰে প্ৰায় ৭ গৰাকী কমিচনভোগীৰ নাম তালিকা উদ্ধাৰ হোৱাৰ পাছতে হয়তো থৰকাছুটি হেৰাইছিল জনস্বাস্থ্য বিভাগৰ । যাৰ ফলত উৎকৃষ্ট আঁচনি ৰূপায়ণৰ বঁটা প্ৰাপক সংমণ্ডলটোৰ ভিতৰৰ এনে কলংকৃত লেতেৰা স্বৰূপ গাপ দিবলৈ এই ভয়ংকৰ কৌশল ৰচিত হোৱা বুলি ঢকুৱাখনাত ব্যাপক চৰ্চা চলিছে।

হত্যাকাণ্ডৰ তদন্তৰ সামূহিক ব্যৰ্থতাৰ মাজতে ৰাজনীতিক আমোলাৰ কমিছনৰ ভাগ বটোৱাৰাৰ নিকৃষ্ট খেলখন সন্দৰ্ভত এইবাৰ মুখ খুলিছে শাসক দলৰে এগৰাকী নেতাই। ৰাজ্য চৰকাৰ ঘোষিত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি পালিবলৈ গৈ নিজেই নিখোজ হৈ পৰা বিজেপি নেতা সুনীল গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী বিজেপি নেতাই।

ঢকুৱাখনা বিধানসভা সমষ্টিৰ হাৰ্হি মণ্ডল অবিচি মৰ্চাৰ সভাপতি দীনেশ চাংমায়ে ঘিলামৰা জনস্বাস্থ্যত চলি থকা অস্বাস্থ্যকৰ কমিছনৰ বজাৰখনত মন্ত্ৰী-বিধায়কৰ কমিচনৰ অংশ থকা বুলি মুকলি অভিযোগ উত্থাপন কৰে।

বিজেপিৰ সাপতিয়া গাঁৱৰ প্ৰাক্তন বুথ সভাপতি,শক্তি কেন্দ্ৰৰ প্ৰাক্তন আহ্বায়ক দীনেশ চাংমায়ে কয় যে, জিলা পর্যায়ৰ নেতাৰ পৰা বিধায়ক,মন্ত্ৰীৰ অংশ আছে সেয়ে দুৰ্নীতিগ্ৰস্ত অভিযন্তা গৰাকীয়ে উক্ত কমিছনৰ বেহা মেলিছিল। ঘিলামৰা সংমণ্ডলত কাম এটা পাবলৈ গেৰুৱা নেতা আৰু বিধায়ক,মন্ত্ৰীৰ নামত "পাৰ্চেনতেজ" দিব লাগে বুলি কয় বিজেপিৰ নেতা চাংমায়ে। ঘিলামৰা জনস্বাস্থ্যত চলি থকা এনে ভয়ংকৰ কমিচনৰাজ পোহৰলৈ অনাৰ বাবেই এই চক্ৰান্ত ৰচনা কৰি সুনীলৰ ওপৰত প্ৰতিশোধ পূৰণ কৰা বুলি ব্যাপক চৰ্চা চলিছে ।

জনস্বাস্থ্যৰ দুৰ্নীতিৰ ধন মন্ত্ৰী-বিধায়কেও পাইঃ বিজেপি নেতা
পিতৃ-মাতৃয়ে পঢ়া-শুনা ভালদৰে কৰিবলৈ কোৱা পাছতে সন্ধানহীন লংকাৰ এগৰাকী ছাত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in