দলগাঁৱত ভূমি পৰীক্ষণ -মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ...

দলগাঁৱত ভূমি পৰীক্ষণ -মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ...
দলগাঁৱত ভূমি পৰীক্ষণ -মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ...

ডিজিটেল সংবাদ মঙলদৈঃ বুধবাৰে ৰাজ্যৰ কৃষকৰ মাজত পুষ্টিকৰ খাদ্যৰ গুৰুত্ব বৃদ্ধি আৰু উপাৰ্জন দুগুন কৰাৰ লক্ষ্যৰে শুভাৰম্ভ কৰা হয় মিলেট মিচন। এই আঁচনিৰ লগতে অসমৰ ৬ খন জিলাত ভূমি পৰীক্ষণ-মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰ আৰু জ্ঞানকেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই উদ্দেশ্যে আয়োজন কৰা এক বিশাল সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই দিনতো সমগ্ৰ কৃষক সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ন দিন। এই পৰীক্ষাগাৰ কেইটাই কৃষকৰ বহুদিনীয়া সমস্যাৰ সমাধান কৰিব বুলি উল্লেখ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

মাটি পৰীক্ষাৰ জৰিয়তে কৃষি খণ্ডৰ গুণগত মান উন্নয়নৰ লগতে উৎপাদন বৃদ্ধি কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে কৃষি বিভাগে। দৰঙৰ দলগাওঁ কৃষি মহকুমাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা দূৰ সংযোগৰ জৰিয়তে শুভাৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকে দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা, জিলা কৃষি বিষয়া জ্যোতিষ চন্দ্ৰ নাথৰ লগতে আন বহু কেইগৰাকী কৃষি বিষয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in