বিজয় হাজাৰে ট্ৰফীত ৰিয়ানৰ শতকঃ ১৮০ ৰাণত পৰাস্ত ছিকিম...

বিজয় হাজাৰে ট্ৰফীত ৰিয়ানৰ শতকঃ ১৮০ ৰাণত পৰাস্ত ছিকিম...
বিজয় হাজাৰে ট্ৰফীত ৰিয়ানৰ শতকঃ ১৮০ ৰাণত পৰাস্ত ছিকিম...

ডিজিটেল ডেস্কঃ বি চি চি আইৰ ঘৰুৱা প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীৰ এখন মেচত অসম দলটোৰ বৃহৎ সফলতা। ১৮০ ৰানৰ ব্যৱধানত অসমে পৰাস্ত কৰিলে ছিকিমক।

আজি ছিকিমৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ এখন মেচত অংশগ্ৰহণ কৰা অসম দলটোৱে প্ৰথমে বেটিং কৰি ৩৮০ ৰাণৰ বৃহৎ স্ক'ৰ কৰিবলৈ সক্ষম হয়। অসমৰ হৈ ৰিয়ান পৰাগে ১২৮ৰাণৰ এক দৰ্শনীয় শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

ৰিয়ানৰ উপৰিও অম্লানজ্যোতি দাসে ৪৭ আৰু স্বৰূপম পুৰস্কাইস্থই ৩৪ ৰাণৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিবলৈ সক্ষম হয়। নিৰ্ধাৰিত লক্ষ্য সন্মুখত লৈ ক্ৰিজত নমা ছিকিম দলটোৱে মাত্ৰ ১২৭ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। অসমৰ হৈ ৰিয়ান পৰাগ আৰু মোক্তাৰ হুছেইনে ক্ৰমে দুটাকৈ উইকেট দখল কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in