লখিমপুৰত ভয়ংকৰ ঘটনা! দাৰ ঘাপত গুৰুতৰভাৱে আহত ৪ জন

লখিমপুৰৰ মহঘুলিত বুধবাৰে সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ দুই ফৈদৰ মাজত হোৱা কাজিয়াত দাৰ ঘাপত দুই ফৈদৰ চাৰিজন গুৰুতৰভাৱে আহত হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

author-image
Asomiya Pratidin
New Update
লখিমপুৰত ভয়ংকৰ ঘটনা! দাৰ ঘাপত গুৰুতৰভাৱে আহত ৪ জন

ডিজিটেল সংবাদ,লালুক: লখিমপুৰৰ মহঘুলিত বুধবাৰে সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ দুই ফৈদৰ মাজত হোৱা কাজিয়াত দাৰ ঘাপত দুই ফৈদৰ চাৰিজন গুৰুতৰভাৱে আহত হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহঘুলিৰ সুৰুজ আলী নামৰ এটা দুৰ্ধৰ্ষ অপৰাধীয়ে দাৰে ঘপিয়াই মহিলাসহ চাৰিজন লোকক গুৰুতৰভাৱে আহত কৰে ৷

Advertisment

দুৰ্ধৰ্ষ অপৰাধী সুৰুজ আলীৰ দাৰ ঘাপত ধাৰাসায়ী আন এজন সুৰুজ আলীও৷ জানিব পৰা মতে টকা প‌ইচাৰ লেনদেনৰ বাবেই এই আক্ৰমণ কৰে সুৰুজ আলীয়ে স্থানীয় একেই নামৰ সুৰুজ আলীক ।

ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সুৰুজ আলী,হাচেন বানু, হুছেইন আলী,হাৰেজ আলী।

সংকটজনক অৱস্থাত আহত আটাইকেইজনক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছে নাওবৈচা আৰক্ষীয়ে৷ উল্লেখযে ৰাইজে আবদ্ধ কৰি ঘাতক সুৰুজ আলীক নাওবৈচা আৰক্ষীক চমজাই দিয়ে।

আৰু পঢ়ক: দিল্লী আপৰ! ১৫ বছৰ বিজেপিৰ দখলত থকা পৌৰ নিগম কেজৰিৱালৰ হাতত...

assam Assam police