/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/59a3faa7-ba3e-445d-9375-cc8d563d458b/sonapur_24.jpg)
৪০০ বন্তিৰে বীৰ লাচিতক স্মৰণ সোণাপুৰ কলেজৰ
ডিজিটেল সংবাদ সোণাপুৰঃ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক, মহান সেনা নায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সোণাপুৰ কলেজৰ ছাত্ৰ একতা সভাই গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ।
ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়খনত আজি সন্ধিয়া ৪০০ গছি বন্তি জ্বলাই সোণাপুৰ কলেজ পৰিয়ালবৰ্গই মহান বীৰগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d5ba05d2-f695-47ff-8014-1603ca72e818/78e14498_31b0_4728_8783_0eea89ac60e0.jpg)
অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি বীৰ লাচিতৰ বীৰত্ব, স্বদেশ প্ৰেম আৰু নেতৃত্বৰ নিদৰ্শন উল্লেখ কৰে।তেওঁ দেশ তথা স্বজাতিৰ হকে স্বাভিমানেৰে জীয়াই থাকিবৰ বাবে সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e845ef62-f392-46a9-8676-e9b33d88f602/687a3bb1_5da4_4d53_a029_67d8db027b5d.jpg)
আনহাতে অনুষ্ঠানত ড° ধৰ্মৰাম ডেকাই লাচিত বৰফুকনৰ স্বদেশ প্ৰেম আৰু সেনানায়ক হিচাপে তেখেতৰ বীৰত্ব বৰ্ণনা কৰে আৰু অসম চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যয়ত লাচিত বৰফুকনক উপস্থাপন কৰি অসমৰ গৌৰৱ আৰু গৰিমা বৃদ্ধি কৰাৰ বাবে শলাগ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/10af75b8-4f04-453b-a644-207a79347c22/eebbde21_bcc5_4707_b6f9_9429ae52bb0b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ff55cccb-17f0-4b69-86dc-1ee41acd6940/265e4a35_75ed_445c_b128_0369b0d84355.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a84af169-51b3-46cf-9d11-c982dd013951/46fcb3ef_66e8_403c_8798_afa742aec494.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0213ade4-3358-46d9-a1d6-072736c59ef0/faeb8308_f2b0_4d65_83a2_9c950f860d2e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/95dbc4e1-50b5-41f9-bebb-337d6271a88c/661a0dac_68bd_43b0_9721_64b717cc6057.jpg)
ক্লিক কৰি পঢ়কঃ জন্মভূমিৰ বিৰুদ্ধেই খেলিলে এইগৰাকী ফুটবলাৰেঃ লাভ কৰিলে সফলতা