ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতি, ৰাইজৰ দলৰ উদ্যোগত লাচিত দিৱস পালন

ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতি, ৰাইজৰ দলৰ উদ্যোগত লাচিত দিৱস পালন
ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতি, ৰাইজৰ দলৰ উদ্যোগত লাচিত দিৱস পালন

ডিজিটেল সংবাদ শিৱসাগৰঃ 'লাচিত বৰফুকনে মুছলমান বা হিন্দুৰ বিৰুদ্ধে বিখ্যাত শৰাইঘাটৰ ৰণত অবতীৰ্ণ হোৱা নাছিল, দিল্লীয়ে কৰা অসম আক্ৰমণ প্ৰতিহত কৰাৰ বাবেহে যুঁজিছিল ৷ দিল্লীয়ে অসমক কেইবা শতিকাৰৰে পৰা শোষণ অব্যাহত ৰাখিছে, এই শোষণ এতিয়াও চলি আছে৷” এই মন্তব্য মৰাণত থকা টাই গবেষণা আৰু অধ্যয়ন কেন্দ্ৰৰ অবৈতনিক সঞ্চালক তথা চিন্তাশীল লেখক ড° যোগেন ফুকনৰ ৷

ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আজি শিৱসাগৰ চহৰৰ লাচিত উদ্যানত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা লাচিত দিৱসৰ মুকলি সভাত নিদিৰ্ষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

উমেশ গগৈৰ সভিপতিত্বত অনুষ্ঠিত  "অসমৰ সাম্প্ৰতিক পৰিস্থিতিত বীৰ লাচিত বৰফুকনৰ আদৰ্শৰ প্ৰাসংগিকতা" বিষয়ত বক্তৃতা প্ৰদান কৰি ড° যোগেন ফুকনে কয় যে-  লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতীয়তাবাদৰ সত্বা। অসমীয়া জাতিৰ বাবে লাচিত এক বিশেষ শক্তিৰ উৎস, যি জাতিক সঞ্জীৱনী শক্তি প্ৰদান কৰে ।

তেওঁ লাচিতক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে লোৱা পদক্ষেপক স্বাগতম জনায় যদিও এই কাম কৰোতে কাৰো কোনো অন্তৰ্নিহিত স্বাৰ্থ থকা উচিত নহয় বুলি ব্যক্ত  কৰে। ড° গিৰিন ফুকনে কয়, বুৰঞ্জী সাধাৰণতে ৰজাৰ নিৰ্দেশত ৰজাঘৰীয়াৰ কথাহে লিখা হয় ৷

টাই বুৰঞ্জীত উল্লেখ নাই বুলিয়েই জয়মতী, ইছমাইল চিদ্দিকী ওৰফে বাঘ হাজৰিকা নাছিল বুলি কোৱাটো যুক্তিসংগত নহয় ৷ শৰাইঘাটৰ যুদ্ধ ধৰ্মৰ ভিত্তিত হোৱা নাছিল ৷ কাৰণ ৰামসিংহ হিন্দু আছিল ৷ সেই সময়ত গৰিষ্ঠ সংখ্যক আহোম হিন্দু নাছিল ৷

লাচিত বৰফুকনৰ লগত বিভিন্ন জনগোষ্ঠীৰ যুঁজাৰু আৰু ইছলাম ধৰ্মীয় যুঁজাৰু আছিল ৷ এতিয়া সেই যুদ্ধখনক হিন্দু মুছলমানৰ যুঁজলৈ ৰূপান্তৰিত কৰি লাচিত বৰফুকনক হিন্দু বীৰ সজাবলৈ চেষ্টা চলোৱা হৈছে ৷ এইয়া জাতিৰ বাবে শুভলক্ষণ নহয় বুলি তেওঁ কয় ৷

আনহাতে মুকলি সভাৰ আন জন নিৰ্দিষ্ট বক্তা যোৰহাট কলেজৰ অধ্যক্ষ দ০ দেৱব্ৰত শৰ্মাই লাচিতৰ প্ৰসংগ আহিলে বাঘ হাজৰিকাৰ প্ৰসংগ আহিবই বুলি প্ৰকাশ কৰে। ডঃ সূৰ্য্য কুমাৰ ভূঞাৰ গ্ৰন্থৰ উদ্ধৃতি দি শৰ্মাই বাঘ হাজৰিকা এটা তেজ মঙহৰ চৰিত্ৰ বুলি প্ৰকাশ কৰে।

লাচিতক একাংশই নিজ স্বাৰ্থ পূৰণ কৰাৰ বাবে সময়ে সময়ে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি শৰ্মাই লাচিতৰ অতুলনীয় বীৰত্ব অসমীয়াৰ সম্পদ বুলি অভিহিত কৰে। শৰাইঘাটৰ যুদ্ধত লাচিতে গেৰিলা যুদ্ধ নীতিৰ আশ্ৰয়লৈ অসমৰ স্বাধীনতা ৰক্ষা কৰা বাবে লাচিত সদায় অসমীয়াৰ প্ৰাণৰ আপোন হৈ থাকিব বুলি শৰ্মাই নিজৰ বক্তব্যত প্ৰকাশ কৰে।

ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি উমেশ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই  অনুষ্ঠানত বিশিষ্ট বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাইয়ে শৰাইঘাটৰ যুদ্ধ স্বদেশী আৰু বিদেশীৰ মাজত হোৱা বুলি মন্তব্য কৰে ৷ তেওঁ লাচিতৰ আদৰ্শৰে জাতিটো গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় ৷

অনুষ্ঠানত শিৱসাগৰ জিলা পাৰিষদৰ কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, এনামুদ্দিন আহমেদ আৰু আটাছু নেতা বসন্ত গগৈয়ে বক্তব্য আগবঢ়াই ৷ সভাত বাওঁ নেতা ধৰ্ম বৰুৱা, কনক গগৈ, ফুলবৰ দিহিঙীয়া, ড° সীমান্ত বৰুৱ, ধীৰেণ চেতিয়া আদিৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বুধবাৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত এলানি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। ইফালে শিৱসাগৰত ৰাইজৰ দলৰ উদ্যোগত আজি উদযাপন কৰা হয় মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যাক জন্ম জয়ন্তী অনুষ্ঠান।

ঐতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰিত ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতি উদ্যোগত আৰু জাতীয় যুৱ বাহিনীৰ লগতে জাতীয় নাৰী বাহিনী শিৱসাগৰ জিলা সমিতি সহযোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়। পুৱা বীৰ গৰাকীৰ প্ৰতিচ্ছবি স্মৃতি তৰ্পণ কৰা পাছতে জনগোষ্ঠীয় গীত-নৃত্যৰ লগতে, বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দিনৰ ভাগলৈ আয়োজন কৰা হয় এখনি মুকলি সভাৰ। মুকলি সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে, লাচিত বৰফুকন অসমীয়া বীৰ আছিল।

এই গৰাকী জাতীয় বীৰে দিল্লীৰ শাসনত থকা মোগলৰ বিৰুদ্ধে যুঁজত অৱৰ্তীণ হৈ অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া চৰকাৰী পক্ষই এইগৰাকী অসমীয়া বীৰক হিন্দু বীৰ সজোৱাত উঠিপৰি লাগিছে।

যি গৰাকী অসমীয়া বীৰে জাতিটোক বিদেশীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰি ৰাখিবৰ বাবে মৰণপন যুজঁত অৱৰ্তীণ হৈছিল, সেই দিল্লীৰ ওচৰতে এতিয়া অসমৰ বিজেপি চৰকাৰে আঁঠু লৈছে। বিজেপিয়ে পৰিকল্পিতভাৱে অসমীয়া বীৰগৰাকীক হিন্দু বীৰ সজাবলৈ কৰা চেষ্টাৰ প্ৰতিবাদ কল্পে ৰাইজৰ দলে আজি এই ৰংঘৰৰ বাকৰিত লাচিত বৰফুকন প্ৰকৃতাৰ্থত এগৰাকী অসমীয়াৰ জাতীয় বীৰ হিচাপে স্মৰণ কৰা হৈছে বুলি অখিল গগৈয়ে প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সভাপতি মুনিদ্ৰ লাহন, কেন্দ্ৰীয় সমিতিৰ কবিন্দ্ৰ চেতিয়া ফুকনৰ লগতে শিৱসাগৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in