অসম, দিল্লীতেই নহয় আফ্ৰিকা মহাদেশতো উদযাপন কৰা হ'ল লাচিত দিৱস...

অসম দিল্লীতেই নহয় আফ্ৰিকা মহাদেশতো উদযাপন কৰা হ'ল লাচিত দিৱস
অসম দিল্লীতেই নহয় আফ্ৰিকা মহাদেশতো উদযাপন কৰা হ'ল লাচিত দিৱস

ডিজিটেল সংবাদ মৰিয়নিঃ অসম অথবা দিল্লীতেই নহয় এইবাৰ ভাৰত অতিক্ৰমী বিদেশৰ মাটিত উদযাপিত হ'ল অসম, অসমীয়াৰ স্বাভিমান, মহান সৈনিক মহাবীৰ লাচিত বৰফুকনৰ জয়ন্তী। আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে আফ্ৰিকা মহাদেশৰ তাঞ্জানিয়াত আজি পালন কৰা হ'ল বিশেষ কাৰ্যসূচী।

তাঞ্জানিয়াত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ আৰু ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত মহান সেনা নায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰয়ীয় জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত বিনয়া শ্ৰীকান্ত প্ৰধানে লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে গুণানুকীৰ্তন কৰে।

অনুষ্ঠানত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সদস্যসকলৰ লগতে তাঞ্জানিয়াত থকা ভাৰতীয় উচ্চায়োগৰ বিষয়ববীয়া আৰু অসমীয়া লোকসকলে অংশগ্ৰহণ কৰে।

আনহাতে বীৰ লাচিতক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় তাঞ্জানিয়া উচ্চায়োগত কৰ্মৰত অসম সন্তান অনন্ত দত্তই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in