'ৰাহা'- নিতু কাপুৰে দিলে আলিয়া, ৰণবীৰ তনয়াৰ নামঃ চাওক ইয়াৰ অৰ্থ...

'ৰাহা'- নিতু কাপুৰে দিলে আলিয়া, ৰণবীৰ তনয়াৰ নামঃ চাওক ইয়াৰ অৰ্থ...

author-image
Asomiya Pratidin
New Update
'ৰাহা'- নিতু কাপুৰে দিলে আলিয়া, ৰণবীৰ তনয়াৰ নামঃ চাওক ইয়াৰ অৰ্থ...

'ৰাহা'- নিতু কাপুৰে দিলে আলিয়া, ৰণবীৰ তনয়াৰ নামঃ চাওক ইয়াৰ অৰ্থ...

ডিজিটেল ডেস্কঃ মাতৃত্বৰ গৌৰৱেৰে গৌৰৱাম্বিত বলিউড অভিনেত্ৰী আলিয়া ভাট্টে তেওঁৰ কন্যাৰ নাম ৰাজহুৱা কৰিছে। সামাজিক মাধ্যমত আলিয়াই নিজ কন্যাৰ নাম প্ৰকাশ কৰি কৈছে, এই নাম দিছে স্বামী ৰণবীৰৰ মাতৃ তথা অভিনেত্ৰী নীতু কাপুৰে।

Advertisment

উল্লেখ্য যে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ জীৱনলৈ যোৱা ৬ নৱেম্বৰত আহিছিল তেওঁলোকৰ প্ৰথম সন্তান। ইয়াৰ পিছতে বি-টাউনত আৰম্ভ হৈছিল চৰ্চা। অনুৰাগীৰ মাজতো আছিল ব্যাপক উৎসুকতা। আলিয়া, ৰণবীৰৰ কন্যাৰ নাম কি হ'ব সেই বিষয়ে চলিছিল ব্যাপক জল্পনা কল্পনা। এনে জল্পনা, কল্পনাৰ অন্ত পেলাই আলিয়াই ঘোষণা কৰিলে তেওঁৰ জীয়ৰীৰ নাম।

নিতু কাপুৰে পু-নাতিনীৰ নাম ৰাখিছে ৰাহা। আলিয়াই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে এখন ফটো শ্বেয়াৰ কৰি এই খবৰ দিছে। য'ত আলিয়াই ৰাহা নামটোৰ অৰ্থও ব্যাখ্যা কৰিছে।

আলিয়াই কৈছে, ৰাহা নামৰ সুন্দৰ অৰ্থ আছে। ৰাহা মানে ইয়াৰ পৱিত্ৰ ৰূপত ঐশ্বৰিক পথত আনন্দ। ৰহা মানে সংস্কৃতত ৰাজবংশ। বাংলা ভাষাত ইয়াৰ অৰ্থ হৈছে আৰাম বা সকাহ আৰু আৰবী ভাষাত ইয়াৰ অৰ্থ হৈছে শান্তি, সুখ, স্বাধীনতা আৰু আনন্দ। আলিয়াই পোষ্টটোৰ জৰিয়তে ৰাহাক তেওঁলোকৰ পৰিয়াল জীৱন্ত কৰি তোলাৰ বাবে ধন্যবাদো জনাইছে।

ক্লিক কৰি পঢ়কঃ ৪০০ বন্তিৰে বীৰ লাচিতক স্মৰণ সোণাপুৰ কলেজৰ

বলিউড আলিয়া ভাট্ট ৰণবীৰ কাপুৰ নিতু কাপুৰ