/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/694bfc9e-7449-4afc-b4e4-83cd01bff5f2/pathsala.jpg)
বজালী জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন
ডিজিটেল সংবাদ,পাঠশালাঃ ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে পাঠশালাতো বজালী জিলা প্ৰশাসনৰ উদ্যোগত লাচিত দিৱস পালন কৰে। জানিবলৈ দিয়া অনুসৰি পাঠশালাত তিনি কুৰিৰোধিক শিল্পীৰ ভায়োলিন বাদনৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে।
উল্লেখ্য যে, বজালী জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ১৮ নৱেম্বৰৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী পালন কৰে। লাচিত দিৱস উপলক্ষে বৃহস্পতিবাৰে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু বৰপেটাৰ আটচবাজী প্ৰদৰ্শন।
বিশিষ্ট ভায়োলিন বাদক দিপক বৰুৱাৰ পৰিচালনাৰে ৬০ গৰাকীৰো অধিক শিল্পীয়ে ভায়োলিন বাদন কৰি উপস্থিত সহস্রাধিক দৰ্শকক আপ্লুত কৰি তোলে।
আৰু পঢ়কঃ ধেমাজিৰ লাচিত দিৱসৰ মুকলি সভাত উপায়ুক্ত অসীম ভট্টাচাৰ্য...