/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/42c282b0-035d-4a8d-8c9a-c84528287c10/lachit11.jpg)
ধেমাজিৰ লাচিত দিৱসৰ মুকলি সভাত উপায়ুক্ত অসীম ভট্টাচাৰ্য
ডিজিটেল সংবাদ,ধেমাজিঃ লাচিত বৰফুকনৰ অসাধাৰণ বীৰত্ব আৰু অতুলনীয় স্বদেশ প্ৰেমৰ কাহিনীয়ে যুগ যুগ ধৰি অসমীয়া ৰাইজক উদ্ধুদ্ধ কৰি আহিছে। বৃহস্পতিবাৰে ধেমাজি কাছাৰী ময়দানত লাচিত দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ দি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
তেওঁ কয় যে, লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত যোৱা এসপ্তাহ ধৰি উদযাপন হোৱা বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ কাৰ্যসূচী সমূহে সমগ্ৰ জিলাখনতে নিশ্চিত ভাৱে এটা ইতিবাচক প্ৰভাৱ পেলাব। ইয়াৰ দ্বাৰা অসমৰ ইতিহাসৰ এই মহান নায়ক জনৰ আদৰ্শৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ সাধনো সম্ভৱ হৈছে বুলি তেওঁ উল্লেখ কৰে।
সভাত আমন্ত্ৰিত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক পণ্ডিত ড° পুষ্প গগৈয়ে কয় যে, লাচিত নাথাকিলে আজি খাচী,নগা, মিজো সকলো নাথাকিলহেতেন। সেই কথা তেওঁলোকে বুজা উচিত। আজি সেই ৰাজ্যবোৰে কেওদিশৰ পৰা অসমখনক হেঁচা মাৰি ধৰা বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁ শেহতীয়া কাৰ্বি-আংলং জিলাৰ ঘটনাত গভীৰ খেদ প্ৰকাশ কৰে।
তেওঁ কয় যে, আজি লাচিতৰ ইতিহাস খাচী-জয়ন্তীয়া, নগা, মিজো আদি লোক সকলকো জনোৱা উচিত বুলি মন্তব্য কৰে। ড° গগৈয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে, লাচিত বৰফুকনে নিজৰ মোমায়েকক কটা নাছিল, মৌ-মায়েকক অৰ্থাৎ গড় নিৰ্মাতা অভিযন্তাকহে কাটিছিল। তেওঁ অসমৰ বুৰঞ্জী জনাৰ বাবে টাই ভাষাৰ বুৰঞ্জী পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত আন এগৰাকী বিশিষ্ট সাহিত্যিক জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়া, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ আৰু জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকেও ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে।
আৰু পঢ়কঃ বিশ্বকাপ ফুটবলঃ আজি ছুইজাৰলেণ্ডৰ বিপক্ষে কেমেৰুন...